কিংবদন্তি ফুটবলাৰ চুনী গোস্বামীৰ পৰলোক
ফুটবলৰ সমান্তৰালকৈ খেলিছিল ক্রিকেটোঃ শোকস্তব্ধ ভাৰতীয় ক্রীড়া মহল
নিয়মীয়া বাৰ্তা, ১ মেঃ কিংবদন্তি ফুটবলাৰ পি কে বেনার্জীৰ পাছত ভাৰতে হেৰুৱালে আন এগৰাকী কিংবদন্তি ফুটবলাৰ ৷ পৰলোকপ্রাপ্তি ঘটিল ভাৰতীয় ফুটবল দলটোৰ প্রাক্তন অধিনায়ক চুনী গোস্বামীৰ ৷ কলকাতাৰ এখন ব্যক্তিগত নার্ছিং হোমত চুনী গোস্বামীয়ে বৃহস্পতিবাৰে বিয়লি ৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে ৷ দীর্ঘদিন ধৰি অসুস্থ হৈ থকা কিংবদন্তি ফুটবলাৰগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৮২ বছৰ ৷ যোধপুৰত থকা নিজৰ বাসভৱনত আজি আগবেলা হৃদৰোগত আক্রান্ত হৈ পৰাত কিংবদন্তি ফুটবলাৰগৰাকীক এখন বেচৰকাৰী চিকিৎসালয়ত ভর্তি কৰা হয় যদিও চিকিৎসালয়খনত পুনৰ হূদৰোগত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লয় ভাৰতীয় দলটোৰ প্রাক্তন অধিনায়কগৰাকীয়ে ৷ ১৯৬২ চনৰ এছিয়ান গেমছত স্বর্ণপদক জয়ী ভাৰতীয় ফুটবল দলটোৰ অধিনায়কৰ দায়িত্বত থকা চুনী গোস্বামীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে ভাৰতীয় ক্রীড়া মহল ৷
১৯৫৭ চনত আন্তর্জাতিক কেৰিয়াৰ আৰম্ভ কৰা চুনী গোস্বামীয়ে ১৯৬২ চনৰ এছিয়ান গেমছত ভাৰতীয় দলটোক স্বর্ণপদকৰ সোৱাদ দিয়াৰ উপৰি ১৯৬৪ চনত এছিয়ান কাপত ৰানার্ছআপৰো সন্মান দিছিল ভাৰতীয় দলটোক৷ কিংবদন্তি ফুটবলাৰগৰাকীয়ে মাত্র ২৭ বছৰতে আন্তর্জাতিক ফুটবলৰ পৰা অৱসৰ লৈছিল৷ ১৯৬৪ চনত অন্তিমবাৰৰ বাবে ভাৰতীয় দলটোক প্রতিনিধিত্ব কৰা চুনী গোস্বামীয়ে ৩২খন আন্তর্জাতিক মেচ খেলিছিল ৷ ১৯৫৪ চনৰ পৰা ১৯৬৭ চনলৈকে একেলেথাৰিয়ে মোহনবাগান ক্লাবক প্রতিনিধিত্ব কৰা চুনী গোস্বামীয়ে কলেজীয়া কালত কলকাতা ইউনিভার্ছিটীৰ ফুটবল আৰু ক্রিকেট দলটোৰো অধিনায়কৰ দায়িত্ব বহন কৰিছিল ৷ মন কৰিবলগীয়া যে চুনী গোস্বামীয়ে ফুটবলৰ সমান্তৰালকৈ ক্রিকেটো খেলি গৈছিল ৷
১৯৭১–৭২ চনত বংগ ৰঞ্জি দলটোৰ অধিনায়ক হিচাপে নিযুক্তি লাভ কৰি চুনী গোস্বামীয়ে দলটোক ফাইনেলত প্রৱেশ কৰোৱাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল৷ ব্রেব’ন ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল মেচখনত বংগই বোম্বেৰ হাতত পৰাজয় স্বীকাৰ কৰিছিল৷ ইফালে, ১৯৬৬ চনত গেৰি ছ’বার্ছৰ ৱেষ্ট ইণ্ডিজ দলটোক পৰাস্ত কৰাতো চুনী গোস্বামীৰ অৱদান আছিল অতুলনীয়৷ ইন্দোৰত হনুমন্ত সিঙৰ অধিনায়কত্বত চেণ্ড্রেল আৰু ইষ্ট জ’নৰ খেলুৱৈৰে গঠিত দলটোৱে গেৰি ছ’বার্ছৰ দলটোক ইনিংছ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল৷ উক্ত মেচখনত চুনী গোস্বামীয়ে আঠটাকৈ উইকেট দখল কৰিছিল৷ উক্ত মেচখনত কিংবদন্তি ফুটবলাৰ চুনী গোস্বামীৰ লগতে সুব্রত গুহৰো গুৰুত্বপূর্ণ অৱদান আছিল৷ প্রবাদপ্রতিম ফুটবলাৰগৰাকীৰ মৃত্যুত ভাৰতীয় ফুটবলৰ অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰিছে দেশৰ ক্রীড়া মহলে৷ ডেৰ মাহ পূর্বে পি কে বেনার্জীৰ মৃত্যুৰ পাছত বৃহস্পতিবাৰে চুনী গোস্বামীৰ মৃত্যু হোৱাত ভাৰতীয় ফুটবলৰ বাবে এক বৃহৎ ক্ষতি বুলি মন্তব্য কৰে ক্রীড়া মহলে ৷ উল্লেখ্য যে যোৱা ২০ মার্চত কিংবদন্তি ফুটবলাৰ পি কে বেনার্জীয়ে কলকাতাতে শেষ নিশ্বাস ত্যাগ কৰিছিল ৷