কেৰিয়াৰত শচীন–দ্রাবিড়ৰ পৰা যথেষ্ট সহায় লাভ কৰিছোঁ
নিয়মীয়া বাৰ্তা ৯ মেঃ টীম ইণ্ডিয়াৰ টেষ্ট বিশেষজ্ঞ আজিংক্য ৰাহানেই কেৰিয়াৰৰ বিভিন্ন পর্যায়ত বেটিং কিংবদন্তি শচীন তেণ্ডুলকাৰ আৰু ৰাহুল দ্রাবিড়ৰ পৰা যথেষ্ট সহায় লাভ কৰিছে৷ ভাৰতীয় টেষ্ট দলৰ উপ–ধিনায়কগৰাকীয়্ আজি শচীন আৰু দ্রাবিড়ৰ অৱদানৰ কথা স্মৰণ কৰে৷ ভাৰতৰ হৈ ৬৫খন টেষ্ট, ৯০খন এদিনীয়া আৰু ২০খন টি–২০ মেচ খেলা ৰাহানেই ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ আগত কয় যে আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ খেলাৰ সময়ত ৰাহুল দ্রাবিড়ৰ সান্নিধ্য লাভৰ পিছতে তেওঁ কেৰিয়াৰে গতি লাভ কৰিছিল৷ ‘কেৰিয়াৰৰ আৰম্ভণিতে মই আই পি এলত ৰাহুল দ্রাবিড়ৰ সান্নিধ্য লাভ কৰিছিলোঁ৷ তেওঁৰ পৰা বেটিঙৰ কৌশল উন্নত কৰাৰ বিভিন্ন পৰামর্শ লাভ কৰিছিলোঁ৷ একেদৰে ভাৰতীয় দলত প্রৱেশ কৰাৰ সময়ৰে পৰা শচীন তেণ্ডুলকাৰক ওচৰৰ পৰা পাইছোঁ আৰু বিভিন্ন সময়ত তেওঁ মোক উৎসাহিত কৰি আহিছে৷ খেলুৱৈ আৰু ব্যক্তি হিচাপে তেণ্ডুলকাৰ আৰু দ্রাবিড় মোৰ ৰোলমডেল৷’ ৰাহানেই এইদৰে কয়৷ ইফালে, দীর্ঘদিন ধৰি ৰাজস্থান ৰয়েলছৰ হৈ খেলাৰ পিছত বিগত বর্ষত দিল্লী কেপিটেলছৰ সৈতে চুক্তিবদ্ধ হোৱা বেটছমেনগৰাকীয়ে কয় যে আই পি এলত নতুন দলৰ হৈ খেলাটো তেওঁৰ বাবে এক নতুন প্রত্যাহ্বান হ’ব