কেৰিয়াৰ সামৰিবলৈ সাজু টেইলৰ, বাংলাদেশৰে অন্তিম টেষ্ট
নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰ: নিউজিলেণ্ডৰ অভিজ্ঞ বেটছমেন ৰ’ছ টেইলৰে আন্তঃৰাষ্ট্রীয় কেৰিয়াৰ সামৰিবলৈ সাজু হৈছে৷ শনিবাৰৰ পৰা বাংলাদেশৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া দুখন মেচৰ টেষ্ট শৃংখলাত তেওঁ অন্তিমবাৰৰ বাবে ৰঙা বলৰ ক্রিকেট খেলিব৷ একেদৰে ফেব্রুৱাৰী–মার্চত অষ্ট্রেলিয়া আৰু নেদাৰলেণ্ডছৰ বিৰুদ্ধে টেইলৰে কেৰিয়াৰৰ অন্তিমখন এদিনীয়া শৃংখলাত খেলপথাৰত নামিব৷ ৩৭ বছৰীয়া তাৰকা বেটছমেনগৰাকীয়ে আজি এই কথা প্রকাশ কৰে৷ ২০০৭ চনত টেষ্ট অভিষেক ঘটা তাৰকাগৰাকীয়ে দেশৰ হৈ খেলা এই দীঘলীয়া সময়ছোৱা তেওঁৰ জীৱনৰ সবাটোকৈ মধুৰ মুহূর্ত বুলি ছ’চিয়েল মিডিয়াত উল্লেখ কৰিছে৷
মন কৰিবলগীয়া যে নিউজিলেণ্ডৰ হৈ ১১০খন টেষ্ট খেলা টেইলৰে এতিয়ালৈকে ৭৫৮৪ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ এদিনীয়াত তেওঁ ২১টা শতকসহ ৮৫৮১ ৰান সংগ্রহ কৰিছে৷ আন্তঃৰাষ্ট্রীয় ক্রিকেটত নিউজিলেণ্ডৰ হৈ সর্বাধিক মেচ খেলা খেলুৱৈ হিচাপে তেওঁ অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে৷ দলটোৰ হৈ তাৰকা বেটছমেনগৰাকীয়ে মুঠ ৪৪৫খন আন্তঃৰাষ্ট্রীয় মেচ খেলিছে৷ ১১০খন টেষ্টৰ লগতে তেওঁ ২৩৩খন এদিনীয়া আৰু ১০২খন টি–২০ত দেশক প্রতিনিধিত্ব কৰিছে৷