গম্ভীৰে নিজকে ব্রেডমেন–জেমছ বণ্ডৰ সংমিশ্রণ বুলি ভাবেঃ শ্বাহিদ আফ্রিদী
নিয়মীয়া বাৰ্তা, ১৯ এপ্রিলঃ ভাৰতৰ প্রাক্তন ক্রিকেটাৰ গৌতম গম্ভীৰে নিজকে ডন ব্রেডমেন আৰু জেমছ বণ্ডৰ সংমিশ্রণ বুলি আচৰণ কৰে ৷ আন্তঃৰাষ্ট্রীয় ক্রিকেটত তেওঁ কেৱল এটা সাধাৰণ চৰিত্রহে ৷ আন্তঃৰাষ্ট্রীয় ক্রিকেটলৈ তেওঁৰ কোনো লেখত ল’বলগীয়া অৱদান নাই ৷ কোনো ব্যক্তিত্ব নোহোৱা গম্ভীৰ অত্যন্ত অহংকাৰী ৷ – এই মন্তব্য আগবঢ়াইছে পাকিস্তানৰ একালৰ তাৰকা অলৰাউণ্ডাৰ শ্বাহিদ আফ্রিদীয়ে ৷ শেহতীয়াকৈ প্রকাশ পোৱা তেওঁৰ আত্মজীৱনীত প্রাক্তন ক্রিকেটাৰগৰাকীয়ে গম্ভীৰৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে ৷ ইফালে, আফ্রিদীৰ এই অভিযোগৰ প্রত্যুত্তৰ দিছে ভাৰতৰ বিশ্বকাপ বিজয়ী দলৰ অন্যতম সদস্য বাঁওহতীয়া অ’পেনাৰ গৌতম গম্ভীৰে ৷ টুইটাৰত তেওঁ কয় যে আফ্রিদীৰ দৰে মিছলীয়া আৰু বিশ্বাসঘাতক ব্যক্তিৰ বাবে মই সঁচাকৈয়ে স্বাভিমানী৷ নিজৰ বয়সকে মনত ৰাখিব নোৱাৰা এগৰাকী ব্যক্তিয়ে মোৰ অভিলেখ কিদৰে মনত ৰাখিব৷ মই তেওঁক মনত পেলাই দিব বিচাৰোঁ যে ২০০৭ৰ টি–২০ বিশ্বকাপৰ ফাইনেলত ৫৪ বলত ৭৫ ৰান কৰিছিলোঁ আৰু আফ্রিদীয়ে প্রথমটো বলতে আউট হৈছিল ৷