গাজিয়াবাদত কঠোৰ অনুশীলনত ব্যস্ত ৰাইনা
নিয়মীয়া বাৰ্তা , ২৭ জুলাই আই চি চি টি–২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাখন স্থগিত হোৱাৰ পিছতে ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ আয়োজনৰ দুৱাৰ মুকলি হোৱাত সন্তুষ্টি ব্যক্ত কৰিছে চেন্নাই ছুপাৰ কিংছৰ বাঁওহতীয়া তাৰকা বেটছমেন সুৰেশ ৰাইনাই৷ বি চি চি আইৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতাখনৰ ত্রয়োদশ সংস্কৰণটোৰ তাৰিখ নির্ধাৰণ হোৱাৰ পিছতে উৎফুল্লিত হোৱা ছ’চিয়েল মিডিয়াত সদৰী কৰিছে সুৰেশ ৰাইনাই৷
অহা ১৯ ছেপ্ঢেম্বৰৰ পৰা সংযুক্ত আৰব আমিৰ শ্বাহীত আৰম্ভ হ’বলগীয়া আই পি এলখনৰ বাবে সুৰেশ ৰাইনাই সম্প্রতি গাজিয়াবাদত কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে৷ ক্রিকেটাৰগৰাকীয়ে টীম ইণ্ডিয়াৰ প্রতিভাৱান উইকেটকীপাৰ বেটছমেন ঋষভ পণ্টৰ সৈতে অনুশীলনত ব্যস্ত হৈ আছে৷ আই পি এলখনত উন্নত প্রদর্শন দাঙি ধৰি পুনৰ ভাৰতীয় দলটোত স্থান নিগাজী কৰিব বিচাৰিছে বুলি মন্তব্য কৰে চেন্নাই ছুপাৰ কিংছৰ বেটছমেনগৰাকীয়ে৷