নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত উপস্থিত হ’লহি টীম ইণ্ডিয়াৰ খেলুৱৈসকল

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ গুৱাহাটীত উপস্থিত হ’লহি টীম ইণ্ডিয়াৰ খেলুৱৈসকল । পৃথক পৃথক বিমানেৰে গুৱাহাটীত উপস্থিত হ’লহি বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াৰ তাৰকাসকল ৷

ইপিনে টীম ইণ্ডিয়াই বৰ্তমান ৫ বজাৰ পৰা ৭ বজালৈ অনুশীলন চলাব।

অৱশ্যে আটাইকেইগৰাকী খেলুৱৈ একগোট হৈ ৪ জানুৱাৰীৰ পুৱা ১১ বজাৰ পৰা দুপৰীয়া ২ বজালৈ অনুশীলনত নামিব ৷

বিশেষকৈ বিশ্ব ক্রিকেটৰ অন্যতম শ্রেষ্ঠ বেগী বলাৰ লাচিথ মালিংগাৰ নেতৃত্বত শ্রীলংকা দলটো বৃহস্পতিবাৰে সন্ধিয়া মহানগৰীত উপস্থিত হোৱাৰ পিছত আজি টীম ইণ্ডিয়াৰ সকলো খেলুৱৈ অসমত আহি উপস্থিত হোৱাৰ পিছতে অনুৰাগীৰ উৎসাহ দুগুণে বৃদ্ধি পাইছে ৷

আনহাতে বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই খেলৰ বাবে মোবাইল ফোন আৰু পাৰ্চৰ বাহিৰে সকলো সামগ্ৰী নিষিদ্ধ  কৰা হৈছে ।

উল্লেখ্য যে শ্রীলংকাৰ খেলুৱৈসকলৰ লগতে ভাৰতীয় তাৰকাসকলকো হোটেল ৰেডিছন ব্লুত ৰখাৰ ব্যৱস্থা কৰিছে অসম ক্রিকেট সন্থাই৷

You might also like