চেতন শর্মা ব’ৰ্ডৰ নতুন মুখ্য নির্বাচক
নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ ভাৰতৰ প্রাক্তন বেগী বলাৰ চেতন শর্মাক ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে মুখ্য নির্বাচকৰ দায়িত্ব অর্পণ কৰিছে৷ ছিনিয়ৰ ৰাষ্ট্রীয় নির্বাচন কমিটীৰ বর্তমানৰ মুৰব্বী সুনীল যোশীৰ স্থানত চেতন শর্মাই অধ্যক্ষৰ আসনত বহিব৷ বি চি চি আয়ে কালি চেতন শর্মাৰ লগতে দেৱাশিস মহান্তি আৰু এবি কুৰুভিল্লাক ৰাষ্ট্রীয় নির্বাচক মণ্ডলীত অন্তর্ভুক্ত কৰে৷
চলিত বর্ষৰ ফেব্রুৱাৰীত নিযুক্তি লাভ কৰা সুনীল যোশী আৰু হৰৱিন্দৰ সিঙো নির্বাচক কমিটীৰ অংশীদাৰ হৈ থাকিব৷ চেতন শর্মা, কুৰুভিল্লা আৰু মহান্তিয়ে ক্রমে উত্তৰ, পশ্চিম আৰু পূব মণ্ডলক প্রতিনিধিত্ব কৰিব৷
উল্লেখ্য যে প্রাক্তন ক্রিকেটাৰ চেতন শর্মাই কমিটীৰ আন সদস্যসকলতকৈ অধিকসংখ্যক টেষ্ট (২৩খন) খেলাৰ সুবাদত মুখ্য নির্বাচকৰ দায়িত্ব লাভ কৰে৷