চেন্নাই টেষ্টত দিশহাৰা টীম ইণ্ডিয়াঃ ৰুটৰ দ্বিশতকেৰে ৰানৰ পাহাৰ ইংলেণ্ডৰ
নিয়মীয়া বাৰ্তা , ৭ ফেব্ৰুৱাৰীঃ অধিনায়ক জ’ ৰুটৰ কেৰিয়াৰৰ পঞ্চমটো দ্বিশতকৰ সহায়ত ইংলেণ্ডে ভাৰতৰ বিৰুদ্ধে চেন্নাই টেষ্টত ৰানৰ পাহাৰ গঢ়িছে৷ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত মেচখনৰ আজি দ্বিতীয় দিনা আলহী দলটোৱে আঠ উইকেটৰ বিনিময়ত ৫৫৫ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ ইংলেণ্ডৰ এই বৃহৎ স্ক’ৰৰ মূলতেই আছিল অধিনায়ক ৰুটৰ আকর্ষণীয় দ্বিশতক আৰু বেন ষ্ট’কছৰ আক্রমণাত্মক অর্ধশতক৷ ভাৰতীয় বলাৰক বিমুখ কৰি ৰুট আৰু ষ্ট’কছে আজি পুৱা চতুর্থ উইকেটত মূল্যৱান ১২৪ ৰান যোগ দি ইংলেণ্ডক বৃহৎ স্ক’ৰৰ দিশে আগুৱাই নিয়ে৷
ব্যক্তিগত ৮২ ৰানত ষ্ট’কছ আউট হ’লেও অধিনায়ক ৰুটে চমকপ্রদ বেটিঙেৰে কেৰিয়াৰৰ পঞ্চমটো দ্বিশতক সম্পূর্ণ কৰিবলৈ সক্ষম হয়৷ তেওঁ ৩৭৭টা বলৰ সন্মুখীন হৈ ১৯টা বাউণ্ডেৰী আৰু দুটা অভাৰ বাউণ্ডেৰীৰে ২১৮ ৰান সংগ্রহ কৰে৷ মিডল অর্ডাৰ বেটছমেন অ’লি প’প, জ’ছ বাটলাৰে দীঘলীয়া ইনিংছ খেলিবলৈ সক্ষম নহ’লেও ৰুটক যোগ্য সহযোগিতা আগবঢ়ায়৷ প’পে ৩৪ আৰু বাটলাৰে ৩০ ৰান কৰি আউট হয়৷ দিনান্তত ড’ম বেচে ২৮ আৰু জেক লিচে ৬ ৰানত বেটিং কৰি আছে৷
উল্লেখ্য যে ইংলেণ্ডে কালি জ’ ৰুটৰ শতক আৰু ড’ম চিবলিৰ ৮৭ ৰানৰ সহায়ত তিনি উইকেটৰ বিনিময়ত ২৬৩ ৰান সংগ্রহ কৰিছিল৷ দিনটোৰ শেষত ৰুটে ১২৮ ৰানত বেটিং কৰি আছিল৷ ইফালে, একেৰাহে দ্বিতীয়টো দিনৰ বাবে ভাৰতীয় বলাৰে চেন্নাই টেষ্টত সংগ্রাম কৰিবলগীয়া হয়৷ ঈশান্ত শর্মা, যশপ্রীত বুমৰাহ, ৰবিচন্দ্রন অশ্বিন আৰু শ্বাহবাজ নদিমে দুটাকৈ উইকেট লয়৷