নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেম্পিয়নছ লীগৰ মেচেই কাল হ’ল ইটালীৰ

ফেব্ৰুৱাৰীৰ আটালন্টা-ভেলেন্সিয়াৰ মেচৰ পৰাই দেশখনত বিয়পিছিস ক'ৰোনা ভাইৰাছ

নিয়মীয়া বাৰ্তা ২৭ মাৰ্চঃ মৃত্যু উপত্যকাত পৰিণত হৈছে ইটালী। মহামাৰী ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈ দেশখনত এতিয়ালৈকে আঠহেজাৰ লোকে প্ৰাণ হেৰুৱাইছে। চীনৰ যুহান প্ৰদেশৰ পৰা প্ৰাদুৰ্ভাৱ হোৱা ক’ৰোনা ভাইৰাছে ইটালীত কেনেকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিলে তাক লৈ অনুসন্ধানে বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰিছে । বিশ্বজুৰি আতংকৰ সৃষ্টি ক’ৰোনা ভাইৰাছ চেম্পিয়নছ লীগৰ মেচৰ পৰাই ইটালীত প্ৰাদুৰ্ভাৱ হয়। কেইবাজনো বিশেষজ্ঞই দাবী কৰা মতে ১৯ ফেব্ৰুৱাৰীত ছান ছিৰ ষ্টেডিয়ামত অনুষ্ঠিত উৱেফা চেম্পিয়নছ লীগৰ আটালণ্টা আৰু স্পেইনৰ ক্লাৱ ভেলেন্সিয়াৰ মাজত অনুষ্ঠিত মেচখনৰ পৰাই ইটালীত মহামাৰী ক’ৰোনাৰ ভাইৰাছ সংক্ৰমণ হৈছিল। উৱেফা চেম্পিয়নছ লীগৰ এই মেচখন উপভোগ কৰিলৈ আহিছিল সহস্ৰাধিক লোক। এই মেচখন অনুষ্ঠিত হোৱাৰ দুদিন পূৰ্বে ইটালীত এগৰাকী লোক ক’ৰোনাত আক্ৰান্ত হোৱাটো ধৰা পৰিছিল। এই লোকজনৰ সংস্পৰ্শলৈ অহা কেইবাগৰাকীও লোক বেৰগামৰ পৰা অহা ৪০ হাজাৰৰো অধিক লোকৰ সৈতে ছান জিৰ ষ্টেডিয়ামত ১৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত চেম্পিয়নছ লীগৰ আটলাণ্টা আৰু ভেলেন্সিয়াৰ মাজৰ মেচ খন উপভোগ কৰে। আকৰ্ষনীয় হৈ পৰা মেচখনৰ অন্তত বেৰগামৰ পৰা সহস্ৰাধিক লোকে মিলানৰ বিভিন্ন বাৰ, হোটেললৈ যায় আৰু অধিক সময় তাত কটায়। এই মেচ খনৰ কেইদিনমনানৰ পিছত বেৰগামত এগৰাকী লোক ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱাটো ধৰা পৰে। এই লোকজনৰ সংস্পৰ্শত থকা অধিক সংখ্যক লোক ক্ৰমান্বয়ে এই মহামাৰী ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱাটো ধৰা পৰে আৰু অৱশেষত বেৰগামতো এই মহামাৰী ৰূপ ধাৰণ কৰে। ইপিনে একে সময়তে মেচখন উপভোগ কৰিবলৈ অহা স্পেইনৰ ভেলেন্সিাৰ এজন লোকো এই মহামাৰী ভাইৰাছবিধত আক্ৰান্ত হোৱাটো ধৰা পৰে। মেচখনৰ কিছুদিন পিছত ভেলেন্সিয়াৰ দলটোৰ ৩৫ শতাংশ খেলুৱৈ এই ৰোগত আক্ৰান্ত হয়।
আনহাতে মিলানত বিভিন্ন বাৰ হোটেললৈ যোৱা বেৰগামৰ লোকসকলৰ পৰা ইটালীলৈও সংক্ৰমিত হয় ক’ৰোনা ভাইৰাছ। এই ভাইৰাছে ইটালীত এনেকুৱা এটা ৰূপ লয় যাক ৰোধ কৰিবৰ পৰা ক্ষমতা হেৰুৱাই পেলাইছিল দেশখনে। উল্লেখ্য যে মহামাৰী এই কৰোনা ভাইৰাছত বিশ্বৰ ভিতৰতে ইটালিত এতিয়ালৈকে সৰ্বাধিক লোকে প্ৰাণ হেৰুৱাইছে। শুকুৰবাৰলৈকে দেশখনত প্ৰায়
আঠহেজাৰ লোকে ইতিমধ্যে মৃত্যুমুখত পৰিছে।

You might also like