চৈয়দ মুস্তাক আলীত খেলাৰ ইচ্ছা ধোনীৰ
নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ ইংলেণ্ডত অনুষ্ঠিত আই চি চি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছেমিফাইনেলত পৰাস্ত হোৱাৰ পিছৰে পৰা ভাৰতীয় দলৰ বাহিৰত থকা তাৰকা উইকেটকীপাৰ বেটছমেন মহেন্দ্র সিং ধোনীয়ে অচিৰেই খেলপথাৰলৈ প্রত্যাৱর্তন কৰাৰ পূর্ণ সম্ভাৱনা আছে৷
ক’ৰোনা ভাইৰাছৰ বাবে সম্প্রতি ভাৰতৰ ক্রীড়াক্ষেত্র স্তব্ধ হৈ আছে যদিও ধোনীয়ে চলিত বর্ষৰ চৈয়দ মুস্তাক আলী টি–২০ ট্রফীত খেলাৰ সম্ভাৱনা আছে৷ এই প্রতিযোগিতাখনত অংশগ্রহণ কৰি ভাৰতীয় দললৈ প্রত্যাৱর্তন কৰাৰ ইংগিত দিছে ৩৮ বছৰীয়া উইকেটকীপাৰ বেটছমেনগৰাকীয়ে৷ ইতিমধ্যে ঝাৰখণ্ড ক্রিকেট সংস্থাৰ সৈতেও ধোনীয়ে যোগাযোগ কৰা বুলি এক বাতৰি ওলাইছে যদিও লকডাউনৰ অন্ততহে মহেন্দ্র সিং ধোনীয়ে তেওঁৰ সম্ভাৱনীয়তাৰ বিষয়ে সদৰী কৰিব৷
উল্লেখ্য যে ২০০৭ চনত চৈয়দ মুস্তাক আলী টি–২০ ট্রফীত খেলিছিল ধোনীয়ে৷