নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেহৱাগ তোমাৰ মূৰত যিমান চুলি নাই মোৰ সিমান টকা আছেঃ আখতাৰ

নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন বেগী বলাৰ ছৌৱেব আখতাৰক সদায় ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বিস্ফোৰক বেটছমেন বীৰেন্দ্ৰ ছেহৱাগে সদায় আক্ৰমণ কৰে। এই আক্ৰমণ কিন্তু ৰণক্ষেত্ৰত নহয় বৰং ক্ৰিকেটৰ খেলপথাৰতহে দেখা য়ায়। ইয়াৰ উপৰিও দুয়োজন ভাল বন্ধুও। ইয়াৰ মাজতে ছৌৱেব আখতাৰে ছেহৱাগক আক্ৰমণ কৰি কলে যে তোমাৰ মূৰত যিমান চুলি নাই মোৰ সিমান টকা আছে। আখতাৰৰ স্পষ্ট কথা ছেহৱাগতকৈ মোৰ বেছি টকা আছে। দৰাচলতে এই আক্ৰমণৰ মূল কাৰণ হৈছে ছেহৱাগৰ এটা পুৰণা ভিডিঅ ভাইৰেল হৈছে য’ত ছেহৱাগে কৈছে যে ছৌৱেব আখতাৰে এই কাৰণে ভাৰতৰ খেলুৱৈ সকলক প্ৰশংসা কৰিছে, কাৰণ তেওঁ ভাৰতত ব্যৱসায় কৰিব বিচাৰে।
ৰাৱালপিণ্ডি এক্সপ্ৰেছ ৰূপে খ্যাত আখতাৰে নিজৰ ইউটিউৱ চেনেলত এটা ভিডিঅ শ্বেয়াৰ কৰি কয় যে ছেহৱাগৰ মূৰত যিমান চুলি নাই মোৰ হাতত সিমান পইচা আছে। যদি আপুনি বিশ্বাস নকৰে তেতিয়া মোৰ ইউটিউবৰ অনুগামী সকলক চাব, তেতিয়াহে বুজি পাব। মোক ছৌৱেব আখতাৰ হবলৈ ১৫ বছৰৰ প্ৰয়োজন হৈছে, মই ইউটিবৰ জৰিয়তে আখতাৰ হোৱা নাই। পাকিস্তানৰ বাবে খেলাৰ বাবেহে মই হৈছো। লগতে আখতাৰে এইটো কথাও স্পষ্ট কৰি দিয়ে ছেহৱাগে এই মন্তব্য ধেমোলী হিচাপেহে গ্ৰহণ কৰে যেন।

You might also like