জয়ৰ সন্ধানত আজি পঞ্জাৱৰে যুঁজিব চেন্নায়ে
নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ ক্রমাগত তিনিখন মেচত পৰাজয়ৰ পিছত বহু প্রত্যাশিত জয়ৰ লক্ষ্যৰে কাইলৈ পুনৰ খেলপথাৰত নামিব মহেন্দ্র সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছ৷ ছানৰাইজার্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৭ ৰানত পৰাজয়ৰ সন্মুখীন হোৱা দলটোৱে বেটিং–বলিং আৰু ফিল্ডিঙত শোচনীয় ব্যর্থতাৰে পইণ্ট তালিকাৰ অন্তিম স্থানত আছে৷ ২০১৪ৰ পিছত দলটোৱে প্রথমবাৰৰ বাবে একেৰাহে তিনিখন মেচত পৰাজয়ৰ সন্মুখীন হৈ পইণ্ট তালিকাৰ অন্তিম স্থানলৈ অৱনমিত হৈছে৷ অ’পেনাৰ ফাফ ডু প্লেচিছৰ বাহিৰে কোনো এগৰাকী বেটছমেনে ধাৰাবাহিকভাৱে উন্নত প্রদর্শন দাঙি ধৰিব পৰা নাই৷ ছানৰাইজার্ছৰ বিৰুদ্ধে মূল একাদশত ব্যাপক সালসলনিৰে অধিনায়ক ধোনীয়ে অম্বাটি ৰাইডু আৰু ড’ৱেইন ব্রেভোক সুযোগ দিয়ে যদিও কোনো এগৰাকীয়ে দলৰ প্রত্যাশা পূৰণ কৰিব নোৱাৰিলে৷ এনে পৰিস্থিতিত ভাগ্য সলনিৰ আশাৰে চেন্নাই ছুপাৰ কিংছে কিংছ একাদশ পঞ্জাবৰ মুখামুখি হ’ব৷ ডুবাই আন্তঃৰাষ্ট্রীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখনত লোকেশ ৰাহুল নেতৃত্বাধীন পঞ্জাবেও আই পি এলত জয়ৰ ধাৰালৈ ওভতাৰ লক্ষ্যৰে অৱতীর্ণ হ’ব৷ চাৰিখন মেচৰ তিনিখনতে পৰাস্ত হৈ পঞ্জাব দলটোও বিপদৰ সন্মুখীন হৈছে৷ এই মুহূর্তত দলটো আছে পইণ্ট তালিকাৰ সপ্তম স্থানত৷ অধিনায়ক ৰাহুল আৰু মায়ংক আগৰৱালে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে যদিও আন কোনো এগৰাকী বেটছমেনে দললৈ উল্লেখনীয় অৱদান আগবঢ়াব পৰা নাই৷