টকিঅ’ অলিম্পিকত মুছলিম এথলীটৰ বাবে ভ্রাম্যমাণ মছজিদ
নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ ধর্মীয় বিশ্বাসৰ প্রতি বিৰল সন্মান প্রদর্শনেৰে টকিঅ’ অলিম্পিকৰ আয়োজক মণ্ডলীয়ে মেগা ইভেণ্টখনত ভাগ ল’বলগীয়া মুছলিম এথলীটসকলৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে৷
বিশ্ব ক্রীড়াৰ সর্ববৃহৎ মহোৎসৱ অলিম্পিক চলি থকাৰ সময়ছোৱাত মুছলিম এথলীটসকলে যাতে ইচ্ছানুসৰি নামাজত অংশ ল’ব পাৰে, তাৰ প্রতি লক্ষ্য ৰাখি প্রতিটো ভেন্যুৰ বাবে সাজু কৰি তুলিছে একোটাকৈ ভ্রাম্যমাণ মছজিদ৷ এখন বৃহৎ ট্রাকত নির্মাণ কৰি উলিওৱা এই চলন্ত মছজিদত মুছলিম এথলীটসকলে নিজৰ সুবিধা অনুসৰি নামাজত অংশ ল’ব পাৰিব৷ ৪৮ স্কোৱেৰ মিটাৰৰ অত্যাধুনিক সুবিধাযুক্ত ভ্রাম্যমাণ মছজিদটো প্রয়োজন অনুসৰি সম্প্রসাৰিত কৰাৰো ব্যৱস্থা আছে৷ নামাজৰ পূর্বে পৰিষ্কাৰ–পৰিচ্ছন্ন হোৱাৰ বাবেও বাহনখনত খেলুৱৈসকলে পানীৰ সুবিধা লাভ কৰিব৷ অলিম্পিকৰ সময়ছোৱাত প্রায় প্রতিটো ভেন্যুৰ বাহিৰত ভ্রাম্যমাণ মছজিদেৰে সু–সজ্জিত বাহনখন ৰখা হ’ব৷
তদুপৰি গেমছ ভিলেজতো মুছলিম এথলীটসকলে নামাজত অংশ ল’ব পৰাকৈ বিশেষ প্রার্থনা ঘৰৰ ব্যৱস্থা কৰা হৈছে৷ বিভিন্ন ধর্মাৱলম্বী লোকৰ সমাহাৰ ঘটিবলগীয়া অলিম্পিকৰ জৰিয়তে ধর্মীয় বিশ্বাসৰ প্রতি সন্মান জনোৱাৰ লক্ষ্যৰে আয়োজক কমিটীয়ে এই অভিনৱ ব্যৱস্থা হাতত লৈছে৷