নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টকিঅ’ অলিম্পিকলৈ যোগ্যতা জেভলিন থ্র’ৱাৰ নিৰজ চোপ্রাৰ

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ ২০২০ চনত টকিঅ’ত হ’বলগীয়া বিশ্ব ক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতা অলিম্পিকলৈ যোগ্যতা অর্জন কৰিলে ভাৰতৰ তাৰকা পুৰুষ জেভলিন থ্র’ৱাৰ নিৰজ চোপ্রাই৷ দক্ষিণ আফ্রিকাৰ পটছেফষ্ট্রুমত অনুষ্ঠিত এ চি এন ই লীগ মীটৰ জেভলিন থ্র’ত ৮৭.৮৬ মিটাৰ দলিয়াই টকি’ অলিম্পিকলৈ টিকট কাটে নিৰজ চোপ্রাই৷ আঘাতৰ বাবে ২০১৯ বর্ষৰ অধিকাংশ সময় খেলপথাৰৰ বাহিৰত থকা ২২ বছৰীয়া নিৰজক টকি’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰাৰ বাবে ৮৫ মিটাৰ দলিওৱাটো প্রয়োজন আছিল যদিও ভাৰতীয় তাৰকা খেলুৱৈগৰাকীয়ে প্রতিযোগিতাখনত চতুর্থটো প্রচেষ্টাত ৮৫ মিটাৰৰ সীমা অতিক্রম কৰি অলিম্পিকত খেলাৰ সুযোগ লাভ কৰে৷

You might also like