টি-২০ বিশ্বকাপক লৈ আশাবাদী আয়োজক অষ্ট্ৰেলিয়া
নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ মহামাৰী ক’ভিড-১৯ এ বিশ্বৰ ক্ৰীড়াক্ষেত্ৰখনক স্থবিৰ কৰি তুলিলেও অক্টোবৰ-নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব বুলি আশা প্ৰকাশ কৰিছে আয়োজক অষ্ট্ৰেলিয়াই ।
ক’ৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ বাবে শেহতীয়াকৈ স্থগিত হোৱা অষ্ট্ৰেলিয়ান ফুটবল লীগ আৰু নেচনেল ৰাগবী লীগ টি-২০ বিশ্বকাপৰ সময়ছোৱাতে অনুষ্ঠিত হোৱাৰ সম্ভাৱনাই ক্ৰিকেট প্ৰতিযোগিতাখনৰ দৰ্শকৰ সংখ্যা হ্ৰাস কৰিব বুলি আশংকা সৃষ্টি হৈছে ।