টীম ইণ্ডিয়াৰ হৈ খেলিবলৈ সম্পূর্ণ সাজু হৰভজন
নিয়মীয়া বাৰ্তা, ২৬ মেঃ দীর্ঘদিন ধৰি ভাৰতীয় ক্রিকেট দলৰ বাহিৰত থাকিলেও প্রবীণ তাৰকা অফ স্পীনাৰ হৰভজন সিঙে এতিয়াও টীম ইণ্ডিয়াৰ হৈ খেলাৰ আশা এৰা নাই৷ ২০১৬ চনৰ পৰা ভাৰতীয় দলৰ বাহিৰত থকা হৰভজন সিঙে এতিয়াও নিজকে ফিট বুলি ভাবে আৰু তেওঁ টি–২০ত ভাৰতীয় দলটোৰ হৈ খেলিবলৈ সম্পূর্ণৰূপে সাজু আছে৷ এক সাক্ষাৎকাৰত স্পীনাৰগৰাকীয়ে কয় যে যদি মই আই পি এলত বলিং কৰিব পাৰোঁ, তেতিয়া হ’লে আন্তঃৰাষ্ট্রীয় ক্রিকেটতো বলিং কৰিব পাৰিম৷ আইপিএলত বিশ্বৰ বহু শ্রেষ্ঠ খেলুৱৈয়ে অংশগ্রহণ কৰে আৰু তেওঁলোকৰ বিৰুদ্ধে বলিং কৰাটো অতি কঠিন যদিও তেওঁলোকৰ বিৰুদ্ধে মই সফলতাও লাভ কৰিবলৈ সক্ষম হৈছোঁ৷ ২০১৮ চনৰ পৰা চেন্নাই ছুপাৰ কিংছৰ হৈ খেলি অহা হৰভজনে ভৱিষ্যতে ভাৰতীয় দলটোৰ হৈ খেলিব পাৰিব বুলি আত্মবিশ্বাসী৷ আইপিএলত উন্নত প্রদর্শন দাঙি ধৰা সত্ত্বেও নির্বাচকসকলে কি কাৰণত তেওঁক ভাৰতীয় দললৈ নির্বাচিত নকৰে, তাক লৈ আক্ষেপ প্রকাশ কৰে ৩৮ বছৰীয়া স্পীনাৰগৰাকীয়ে৷ মন কৰিবলগীয়া যে ইণ্ডিয়ান প্রিমিয়াৰ লীগত এতিয়ালৈকে সর্বাধিক উইকেট দখল কৰা বলাৰৰ তালিকাত যুটীয়াভাৱে তৃতীয় স্থান অধিকাৰ কৰি থকা হৰভজন সিঙে দহ বছৰ ধৰি মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিল৷ ইপিনে, ২০১৯ বর্ষৰ বিচিচিআইৰ ঐশ্বর্যশালী প্রতিযোগিতাখনত প্রবীণ স্পীনাৰগৰাকীয়ে ১১খন মেচত ভাগ লৈ ১৬টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল৷