টেষ্টত কিৱিৰ প্রত্যাহ্বানলৈ সম্পূর্ণ সাজু ভাৰতীয় দলঃ বিৰাট
নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ ঘৰুৱা দল নিউজিলেণ্ড আৰু টীম ইণ্ডিয়াৰ মাজৰ দুখনীয়া টেষ্ট শৃংখলাটোৰ প্রথমখন টেষ্ট ২১ ফেব্রুৱাৰীৰ পৰা ৱেলিংটনৰ বেছিন ৰিজার্ভত অনুষ্ঠিত হ’ব৷ শুকুৰবাৰৰ পৰা আৰম্ভ হ’বলগীয়া প্রথমখন টেষ্টত কিৱি বাহিনীৰ প্রত্যাহ্বান গ্রহণ কৰাৰ বাবে সম্পূর্ণৰূপে ভাৰতীয় দলটো সাজু আছে বুলি মন্তব্য কৰিছে অধিনায়ক বিৰাট কোহলিয়ে৷
বুধবাৰে আয়োজিত এক সংবাদ মেলত ভাগ লৈ অধিনায়ক কোহলিয়ে কয় যে ভাৰতীয় দলটোৱে প্রথমখন টেষ্টত শ্রেষ্ঠত্ব উজাৰি খেলিবলৈ সম্পূর্ণৰূপে সাজু আছে৷ এই টেষ্টখনৰ বাবে খেলুৱৈসকলে খেলপথাৰত অধিক মনোনিৱেশ কৰাৰ চেষ্টা চলাইছে৷ আশা কৰিছোঁ সতীর্থসকলে টেষ্টখনত নিজৰ শ্রেষ্ঠ প্রদর্শন দাঙি ধৰিব পাৰিব৷ এদিনীয়া শৃংখলাটোত দাঙি ধৰা প্রদর্শনে টেষ্ট শৃংখলাটোত বিশেষ প্রভাৱ নেপেলায় বুলি কোহলিয়ে লগতে উল্লেখ কৰে৷