নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেষ্টত নাম্বাৰ ১ দলৰ দৰে খেলিব ভাৰতে

উদীয়মান তাৰকা পৃথ্বি–শুভমন–মায়ং লৈ উৎসাহী প্রশিক্ষক শাস্ত্রী

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত বিধ্বস্ত হ’লেও টেষ্টত টীম ইণ্ডিয়াই শীর্ষস্থানপ্রাপ্ত দলৰ দৰে খেলিব৷ অহা ২১ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া বহু প্রত্যাশিত টেষ্ট শৃংখলাৰ পূর্বে এই আত্মবিশ্বাস ভৰা মন্তব্য আগবঢ়াইছে টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক ৰবি শাস্ত্রীয়ে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক টেলিফোনিক বার্তালাপত কয় যে এদিনীয়াৰ প্রদর্শনে টেষ্ট শৃংখলাত কোনো প্রভাৱ নেপেলায়৷ চলিত বর্ষত এদিনীয়াৰ প্রাসংগিকতা তেনেই কম আৰু টীম ইণ্ডিয়াই এতিয়া আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ প্রতি লক্ষ্য ৰাখি টেষ্ট শৃংখলাত অধিক গুৰুত্ব আৰোপ কৰিছে৷ ‘বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দাবীদাৰ হ’বলৈ আমাক অতিকমেও আৰু ১০০ পইণ্টৰ প্রয়োজন হ’ব৷ এই বছৰটোত আমি নিউজিলেণ্ড আৰু অষ্ট্রেলিয়াত টেষ্ট শৃংখলা খেলিম৷ বিদেশত খেলিবলগীয়া এই প্রত্যাহ্বানজনক শৃংখলা দুটাত অতিকমেও ৩–৪খন মেচত জয় সাব্যস্ত কৰাটো আমাৰ প্রথম লক্ষ্য৷ বিশ্বৰ নাম্বাৰ ১ টেষ্ট দল হিচাপে আমি খেলপথাৰত নামিম৷ দলৰ প্রতিজন খেলুৱৈয়ে এই কথা বিশ্বাস কৰে৷’– ৰবি শাস্ত্রীয়ে এইদৰে কয়৷ ইফালে, উদীয়মান তাৰকা পৃথ্বি শ্ব, শুভমন গিল আৰু মায়ংক আগৰৱালক বিৰল প্রতিভাধৰ বেটছমেন বুলি প্রশিক্ষকগৰাকীয়ে অভিহিত কৰে৷ শাস্ত্রীয়ে কয় যে অধিনায়ক কোহলি আৰু দলৰ আন জ্যেষ্ঠ সদস্যসকলে যোৱা প্রায় দুবছৰ ধৰি গিলক সূক্ষ্মভাৱে পর্যবেক্ষণ কৰি আহিছে৷ তেওঁৰ বেটিং কৌশল তথা স্পষ্ট আৰু ইতিবাচক দৃষ্টিভংগীয়ে সকলোকে আকর্ষিত কৰিছে৷ পৃথ্বি শ্বও অত্যন্ত প্রতিভাশালী আৰু দীঘলীয়া সময়লৈ তেওঁ ভাৰতৰ হৈ খেলিব পাৰিব৷

You might also like