ড্র খেলি ছিজন সামৰিলে নর্থ–ইষ্টে
নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ ড্র খেলি ষষ্ঠ হিৰো ইণ্ডিয়ান ছুপাৰ লীগত অভিযান সামৰিলে নর্থ–ইষ্ট ইউনাইটেড এফ চিয়ে৷ গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত মঙলবাৰে অনুষ্ঠিত হয় আই এছ এলৰ অন্তিমখন লীগ মেচ৷ নিৰস মেচখনত ঘৰুৱা দল নর্থ–ইষ্ট ইউনাইটেডে চেন্নাইন এফ চিৰে ২–২ গ’লত ড্র খেলে৷ খেলখনৰ দ্বিতীয়ার্ধৰ ইনজুৰি সময়ত ছাংটেই নর্থ–ইষ্টৰ জয়ত চেঁচাপানী ঢ়ালে৷ ১৭ মিনিটত চেন্নাইনে অগ্রগতি লয় যদিও ৪৩ আৰু ৭১ মিনিটত ছাভেছে দুটাকৈ গ’ল দি নর্থ ইষ্টক ২–১ গ’লত অগ্রগতি দিছিল৷ ইপিনে, মেচখনত ড্র খেলি পইণ্ট তালিকাৰ চতুর্থ স্থানত থাকে চেন্নাইনে৷