দঃ আফ্রিকাৰ নেতৃত্ব ত্যাগ ডু প্লেচিছৰ; নতুন অধিনায়ক ডি কক
নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ উদীয়মান তাৰকা কুইণ্টন ডি ককৰ বাবে বাট মুকলি কৰি দক্ষিণ আফ্রিকাৰ নেতৃত্ব ত্যাগ কৰিলে অভিজ্ঞ বেটছমেন ফাফ ডু প্লেচিছে৷ ১১২খন আন্তঃৰাষ্ট্রীয় মেচত দক্ষিণ আফ্রিকাক নেতৃত্ব দিয়া ৩৫ বছৰীয়া বেটছমেনগৰাকীয়ে কালি এই কথা ঘোষণা কৰে৷ ‘দক্ষিণ আফ্রিকা ক্রিকেটৰ বৃহত্তৰ স্বার্থৰ প্রতি লক্ষ্য ৰাখি মই নেতৃত্ব ত্যাগৰ সিদ্ধান্ত লৈছোঁ৷ দক্ষিণ আফ্রিকান ক্রিকেটে এতিয়া এক নতুন যুগত প্রৱেশ কৰিছে আৰু দলটোক নতুন নেতৃত্বৰ প্রয়োজন আছে৷ নেতৃত্ব ত্যাগ কৰিলেও মই তিনিওটা সংস্কৰণত এগৰাকী বেটছমেন হিচাপে খেলি যাবলৈ প্রতিশ্রুতিবদ্ধ৷
নতুন অধিনায়ক কুইণ্টন ডি কক আৰু প্রশিক্ষক মার্ক বাউচাৰক দল গঠনৰ ক্ষেত্রত পার্যমানে সহায় কৰি যাম৷’ ডু প্লেচিছে এইদৰে কয়৷ উল্লেখ্য যে শেহতীয়াকৈ ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰু টি–২০ শৃংখলাত দক্ষিণ আফ্রিকাৰ শোচনীয় পৰাজয়ৰ পিছতে সমালোচনাৰ সন্মুখীন হৈছিল অধিনায়ক ডু প্লেচিছ৷ ইফালে, কুইণ্টন ডি ককক দলটোৰ নতুন অধিনায়ক নিযুক্ত কৰা হৈছে৷