নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দর্শক অবিহনে ভাৰত–দক্ষিণ আফ্রিকাৰ প্রথম টেষ্ট

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজত অহা ২৬ ডিচেম্বৰৰ পৰা চেঞ্চুৰীয়নত অনুষ্ঠিত হ’বলগীয়া প্রথম টেষ্ট দর্শক অবিহনে খেলোৱা হ’ব৷ আয়োজক দেশখনৰ ক্রিকেট ব’র্ডে ক’ভিড ১৯ৰ নতুন প্রকৰণ অমিক্রনৰ প্রাদুর্ভাৱৰ প্রতি লক্ষ্য ৰাখি মেচখনৰ টিকট বিক্রী বন্ধ ৰাখিছে৷ ৩ জানুৱাৰীৰ পৰা ৱাণ্ডাৰার্ছত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় টেষ্টতো দর্শকে ষ্টেডিয়ামত বহি মেচ উপভোগৰ সুযোগ পোৱাৰ সম্ভাৱনা নাই৷ দক্ষিণ আফ্রিকা ক্রিকেট ব’ডৰ এক সূত্রই আজি জানিবলৈ দিয়া অনুসৰি অমিক্রনৰ প্রাদুর্ভাৱৰ ওপৰত ব’র্ডে সম্প্রতি চোকা নজৰ ৰাখিছে আৰু দুই–এদিনৰ ভিতৰত ষ্টেডিয়ামত দর্শকৰ প্রৱেশ সন্দর্ভত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব৷ ইফালে সতর্কতামূলক ব্যৱস্থা হিচাপে দক্ষিণ আফ্রিকা ক্রিকেট ব’র্ডে দেশখনৰ আগশাৰীৰ ঘৰুৱা প্রতিযোগিতাসমূহ স্থগিত ৰাখিছে৷ উল্লেখ্য যে দক্ষিণ আফ্রিকাৰ মাটিত প্রথমবাৰৰ বাবে টেষ্ট শৃংখলা জয়ৰ লক্ষ্য লৈ বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই ইতিমধ্যে দেশখনত অনুশীলন চলাই আছে৷

You might also like