দুবছৰৰ বাবে উৱেফাই নিষিদ্ধ কৰিলে মানচেষ্টাৰ চিটীক
নিয়মীয়া বাৰ্তা, ১৬ ফেব্রুৱাৰীঃ ইংলিছ প্রিমিয়াৰ লীগৰ চেম্পিয়ন মানচেষ্টাৰ চিটীক বিত্তীয় নিয়মৰ গুৰুতৰ বিসংগতিৰ বাবে উৱেফাই দুবছৰৰ বাবে নিষিদ্ধ কৰিছে ৷ বিত্তীয় ফেয়াৰ প্লে (এফ এফ পি) নিয়মৰ গুৰুতৰ উলংঘনৰ বাবে উৱেফাই মানচেষ্টাৰ চিটীক দুবছৰৰ বাবে নিলম্বন কৰাই নহয়, দলটোক ৩০ মিলিয়ন ইউৰো জৰিমনা বিহে ৷ ইয়াৰ ফলত দলটোৱে ২০২০–২১ আৰু ২০২১–২২ বর্ষত চেম্পিয়নছ লীগত অংশগ্রহণ কৰিব নোৱাৰিব ৷ উৱেফাৰ ক্লাব ফাইনেন্সিয়েল কণ্ড্রোল ব’র্ডে কয় যে মানচেষ্টাৰ চিটীয়ে ২০১২ আৰু ২০১৬ চনৰ সময়ছোৱাত স্পনছৰশ্বিপৰ ফলত লাভ কৰা ৰাজহৰ তথ্য দাখিল কৰিছিল যদিও এই সময়ত ক্লাবটোৱে বহু কম ধন লাভ কৰা বুলি উল্লেখ কৰিছিল ৷ উল্লেখ্য যে এই নিষেধাজ্ঞাৰ ফলত মানচেষ্টাৰ চিটীয়ে ইউৰোপৰ কোনো লীগ মেচত অংশগ্রহণ কৰিব নোৱাৰিব ৷ অৱশ্যে দলটোৱে ২৬ ফেব্রুৱাৰীত ৰিয়েল মাদ্রিদৰে খেলিবলগীয়া মেচখনত ভাগ ল’ব পাৰিব ৷