নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্নীতিয়ে পাকিস্তান ক্রিকেটৰ ক্ষতি কৰিলে: জাহিৰ আব্বাছ

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ পাকিস্তানত ক্ষতিগ্রস্ত হোৱা ক্রিকেটক লৈ এক বিস্ফোৰক মন্তব্য আগবঢ়ালে দেশখনৰে প্রাক্তন মহান বেটছমেন জাহিৰ আব্বাছে৷ লাহোৰত শ্রীলংকা ক্রিকেট দলৰ ওপৰত আক্রমণ আৰু দুর্নীতিৰ ক্ষেত্রত পাকিস্তান ক্রিকেট ব’ডৰ নৰম কার্যপন্থাই দেশখনত ক্রিকেটক ক্ষতিগ্রস্ত কৰিছে বুলি উল্লেখ কৰি জাহিৰ আব্বাছে কয় যে ২০০৯ চনত শ্রীলংকা ক্রিকেট দলটোৰ ওপৰত লাহোৰত হোৱা সন্ত্রাসবাদী আক্রমণে পাকিস্তানৰ ক্রিকেটক একেবাৰে ক্ষতি কৰিছে৷ ইফালে, স্পট ফিক্সিঙক লৈও পাকিস্তান ক্রিকেট ব’র্ডে লোৱা নৰম পন্থাই ক্রিকেট বিশ্বত পাকিস্তানৰ মান একেবাৰে নিম্নমানৰ কৰি তুলিছে৷ পাকিস্তান ক্রিকেটত কেইবাটাও ডাঙৰ দুর্নীতি হৈছে যদিও ইয়াৰ বিৰুদ্ধে পাকিস্তান ক্রিকেট ব’র্ডে কোনোধৰণৰ কার্যব্যৱস্থা গ্রহণ নকৰিলে৷ ফলত দেশখনৰ ক্রিকেটৰ বিকাশৰ ক্ষেত্রত বাৰুকৈয়ে প্রভাৱ পৰিছে৷ আনহাতে পাকিস্তান ক্রিকেটত মেচ ফিক্সিঙৰ কেইবাটাও ঘটনা পোহৰলৈ আহিছে যদিও ইয়াৰ ক্ষেত্রতো পি চি বিয়ে কোনোধৰণৰ ব্যৱস্থা গ্রহণ নকৰিলে আৰু ইয়াৰ ফলত দেশখনে ফল ভুগিবলগীয়া হৈছে বুলি আব্বাছে কয়৷

You might also like