ধর্ষণৰ অভিযোগৰ পৰা মুক্তি ক্রিষ্টিয়ানো ৰ’নাল্ডোৰ
নিয়মীয়া বাৰ্তা, ১৩ জুন: এগৰাকী মার্কিন মডেলে অনা ধর্ষণৰ অভিযোগৰ পৰা স্থায়ীভাৱে মুক্তি লাভ কৰিলে পর্টুগালৰ তাৰকা ফুটবলাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডোৱে৷ আদালতে মার্কিন মডেলগৰাকীৰ অভিযোগ খাৰিজ কৰাই নহয়, পৰৱর্তী সময়ত এই মহিলাগৰাকীয়ে যাতে ৰ’নাল্ডোৰ বিৰুদ্ধে পুনৰ গোচৰ তৰিব নোৱাৰে সেয়াও নিশ্চিত কৰাৰ নির্দেশ দিয়ে৷ উল্লেখ্য যে ২০১৮ চনত ৰ’নাল্ডোৰ বিৰুদ্ধে ধর্ষণৰ অভিযোগ উত্থাপন কৰি আদালতত গোচৰ তৰিছিল মার্কিন মডেল কেথবিন মায়’ৰগাই৷ তেওঁ অভিযোগ কৰিছিল যে ৰ’নাল্ডোৱে ২০০৯ চনত তেওঁক ধর্ষণ কৰিছিল৷ অৱসৰ বিনোদনৰ বাবে গৈ লাছ ভেগাছত এখন বিলাসবহুল হোটেলত এইগৰাকী মহিলাৰ সৈতে শাৰীৰিক সম্পর্ক স্থাপন কৰিছিল ৰ’নাল্ডোৱে৷ কেথৰিনে দাবী কৰা অনুসৰি সেই সময়ত শাৰীৰিক সম্পর্কৰ বাবে মোটা অংকৰ টকা দিছিল ৰ’নাল্ডোৱে৷
পর্টুগীজ মহাতাৰকাগৰাকীৰ বিৰুদ্ধে ধর্ষণৰ অভিযোগ উঠাৰ লগে লগে ফুটবল বিশ্বত আলোড়ন সৃষ্টি হৈছিল৷ অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰিছিল ৰ’নাল্ডোৱে৷ আইনী যুঁজতো অভিযোগকাৰী মডেলগৰাকীয়ে সুবিধাজনক প্রমাণ দাঙি ধৰিব পৰা নাছিল৷ পৰৱর্তী সময়ত আদালতে জানিব পাৰে যে এই অভিযোগৰ কোনো সত্যতা নাই৷ ৰ’নাল্ডোৰ বিৰুদ্ধে অনা অভিযোগসমূহৰ কোনো তথ্য–প্রমাণ পোৱা নগ’ল৷ ফলত লাছ ভেগাছৰ আদালতে ৰ’নাল্ডোক মুক্তি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷ কেৱল সেয়াই নহয়, কেথৰিনৰ আইনজীৱীসকলে শুনানিৰ সময়ত যিদৰে ৰ’নাল্ডোক উদ্দেশ্যি আপত্তিকৰ মন্তব্য কৰিছিল তাৰ পুনৰাবৃত্তি ৰোধৰ বাবে এই গোচৰটো চিৰদিনৰ বাবে বন্ধ কৰাৰ নির্দেশ দিয়ে৷