নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধাৰাভাষ্যকাৰৰ পেনেলৰ পৰা বাদ মঞ্জেৰকাৰক

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ ভাৰতৰ প্রাক্তন বেটছমেন তথা বর্তমানৰ জনপ্রিয় ধাৰাভাষ্যকাৰ সঞ্জয় মঞ্জেৰকাৰ বি চি চি আইৰ ধাৰাভাষ্যকাৰৰ পেনেলৰ পৰা বাদ পৰিছে৷ বিগত কেইবা বছৰ ধৰি ভাৰতৰ ঘৰুৱা মেচত নিয়মীয়াকৈ ধাৰা বিৱৰণী দি অহা একালৰ ষ্টাইলিছ বেটছমেনগৰাকীক বাদ দিয়াৰ কাৰণ বি চি চি আয়ে স্পষ্টকৈ উল্লেখ কৰা নাই যদিও তেওঁৰ শেহতীয়া কাম–কাজত অসন্তুষ্ট  হৈ ব’র্ডে এই সিদ্ধান্ত গ্রহণ কৰা বুলি ধাৰণা কৰা হৈছে৷

মন কৰিবলগীয়া যে বিগত আই চি চি এদিনীয়া বিশ্বকাপৰ সময়ত টীম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজাক অযোগ্য ক্রিকেটাৰ আখ্যা দি সঞ্জয় মঞ্জেৰকাৰ বিতর্কৰ আৱর্তলৈ আহিছিল৷ শেহতীয়াকৈ প্রখ্যাত ধাৰাভাষ্যকাৰ হর্ষ ভোগলেৰ যোগ্যতাক লৈও প্রশ্ন উত্থাপন কৰিছিল মঞ্জেৰকাৰে৷ বি চি চি আইৰ পেনেলৰ পৰা বাদ পৰাৰ পিছত জনপ্রিয় ধাৰাভাষ্যকাৰগৰাকীক্ আগন্তুক আই পি এলতো দেখিবলৈ পোৱা নাযাব৷

You might also like