নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধোনীয়ে আই পি এলত ভাল খেলিলে টি-২০ বিশ্বকাপৰ দলত অন্তৰ্ভুক্ত হবঃ শাস্ত্ৰী

নিয়মীয়া বাৰ্তা ৯ জানুৱাৰীঃ ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে কয় যে আই পি এলত যদি ধোনীয়ে উন্নত প্ৰদৰ্শন কৰে তেতিয়া ভাৰতীয় দললৈ পুনৰ প্ৰত্যাৰ্ৱতন ঘটাব পাৰিব। প্ৰাক্তন ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক জন যোৱা বিশ্বকাপৰ ছেমি ফাইনেলৰ পৰা খেলপথাৰৰ পৰা বাহিৰত আছে। লগতে শাস্ত্ৰীয়ে উল্লেখ কৰিছে যে ধোনীয়ে অতি সোনকালে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ল’ব পাৰে। কিন্তু ধোনী টি-২০ খেলি যাব। আই পি এল ৰ পিছত ধোনীৰ ফিটনেছে নিৰ্ভৰ কৰিব ভৱিষ্যতৰ সম্বন্ধে। আনহাতে উদয়ীমান উইকেট ৰক্ষক ঋষভ পণ্টৰ ওপৰত ভাৰতীয় ক্ৰিকেট দলটোৰ মুখ্য প্ৰশিক্ষক গৰাকীয়ে কয় যে পণ্টৰ মাত্ৰ ২১ বছৰ হৈছে। কেইজন উইকেট ৰক্ষকে এই বয়সত শতক অৰ্জন কৰিছে। ভুল সকলোৱে কৰে । যিমানেই অনুভৱ হ’ব যিমানেই প্ৰদৰ্শন উন্নত হ’ব। পণ্টে উইকেট কীপং ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিছে।

You might also like