নগেন বৰা সোঁৱৰণী মৰিয়নি ফুটবল লীগত কঠালগুৰি চেম্পিয়ন
নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ মৰিয়নি ক্ৰীড়া সন্থাৰ উদ্যোগত ইয়াৰ বাপুজী ষ্টেডিয়ামত চলি থকা মুক্তিযোদ্ধা নগেন বৰা সোঁৱৰণী মৰিয়নি ফুটবল লীগত কঁঠালগুৰি চাহ বাগিচা ফুটবল দল চেম্পিয়ন হৈছে । দেওবাৰে অনুষ্ঠিত তীব্ৰ উত্তেজনাপূৰ্ণ চূড়ান্ত খেলত কঁঠালগুৰিয়ে পূৰ্বৰ চেম্পিয়ন হোনোৱাল চাহ বাগিচা ফুটবল দলক ৩ – ০ গ’লত বিধ্বস্ত কৰে । গ’লৰ ব্যৱধান বেছি হ’লেও দুয়োদলে এখন তীব্ৰ গতিসম্পন্ন আৰু উপভোগ্য খেল দৰ্শকক উপহাৰ দিয়ে । প্ৰায় দুই সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত খেলৰ আৰম্ভণিৰে পৰাই দুয়োটা দলেই আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰে । গ’লৰ বাবে দুয়োদলেই বিপক্ষৰ ওপৰত জঁপিয়াই পৰে । কিন্তু প্ৰথমটো গ’লৰ বাবে ৩০ মিনিটলৈকে কঁঠালগুৰি অপেক্ষা কৰিবলগীয়া হয় । ৩০ মিনিটত মিড ফিল্ডৰ পৰা বল পাই দলৰ বিকাশ কৰ্মকাৰে গ’ল দি বিৰতিলৈকে কঁঠালগুৰিক ১ – ০ গ’লত আগবঢ়াই ৰাখে । দ্বিতীয়াৰ্ধত হোনোৱালে গ’ল পৰিশোধৰ বাবে কঁঠালগুৰিৰ ওপৰত উপৰ্য্যুপৰি হেঁচা প্ৰদান কৰি যায় যদিও কঁঠালগুৰিৰ ৰক্ষণ বিভাগৰ খেলুৱৈয়ে প্ৰতিটো আক্ৰমণ প্ৰতিহত কৰি যায় । দ্বিতীয়াৰ্দ্ধৰ ২০ মিনিটত এক সংঘবদ্ধ আক্ৰমণৰ পৰা বল পাই দেৱা গোৱালাই আন এটা গ’ল দি ব্যৱধান ২-০ লৈ বৃদ্ধি কৰে । ইয়াৰ ৯ মিনিটৰ পিছত দেৱগুন পাটনায়কে দৰ্শনীয় শ্বটেৰে গ’ল দি ৩ -০ গ’লত বিজয় নিশ্চিত কৰাৰ লগতে হোনোৱাল আশা নিৰ্বাপিত কৰে । বিধিনিষিদ্ধ খেলৰ বাবে হোনোৱালৰ ৰাম ৰাওক ৰেফাৰীয়ে হালধীয়া কাৰ্ড দিয়ে । খেলখন পৰিচালনা কৰে প্ৰাঞ্জল পাওগামে । লাইনত সহায় কৰে বাবুল দেৱ আৰু নিত্যৰঞ্জন ফুকনে । চতুৰ্থ – ৰাজীৱ কৰ্মকাৰ ।
ইয়াৰ পূৰ্বে দাতা পৰিয়ালৰ হৈ ৰুমি বৰা আৰু স্নিগ্ধা বৰা ফুকন, শিক্ষাবিদ আনন্দ শইকীয়া, মৰিয়নি ক্ৰীড়া সন্থাৰ প্ৰাক্তন সম্পাদক – শিক্ষাবিদ নেকিব ইছলাম, ক্ৰীড়া সংগঠক – অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক ৰূদ্ৰ গগৈ, সমাজকৰ্মী- জ্যেষ্ঠ ব্যক্তি ধীৰেন্দ্ৰ নাথ দত্ত, মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিদ্যুত দত্ত, প্ৰাক্ত্ন ক্ৰিকেটাৰ- কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী ভাস্কৰ চুতীয়া, মৰিয়নি ক্ৰীড়া সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক দীপক দত্ত, ফুটবল সম্পাদক প্ৰদীপ মজুমদাৰ, মহেশ্বৰ গোৱালা, মিকু পাওগাম, মৃগন্ত হাজৰিকা, মাধুৰ্য গগৈ, মইনা গগৈ, মুন নায়ক, ৰাতুল গগৈ, জয়ন্ত চেতিয়া, অনিল উৰাং আদিক খেলুৱৈসকলৰ সৈতে চিনাকি কৰাই দিয়া হয় । হোনোৱাল চাহ বাগিচাৰ আকাশ কৰ্মকাৰ চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু কঁঠালগুৰিৰ দেৱগুণ পাটনায়ক লীগৰ শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত হয় । আনহাতে, ব্যক্তিগত শিতানত দিহিঙীয়াপাৰৰ দেৱ এক্কা শ্ৰেষ্ঠ গ’লকীপাৰ, কাটনিবাৰীৰ কৃষ্ণা গডবা শ্ৰেষ্ঠ ডিফেন্স, কঠালগুৰিৰ শিৱা চবৰ শ্ৰেষ্ঠ চাইড ডিফেন্স, কঠালগুৰি বিকাশ কৰ্মকাৰ শ্ৰেষ্ঠ লিংকমেন, কঠালগুৰিৰে দেবানন্দ তাছাই শ্ৰেষ্ঠ ষ্ট্ৰাইকাৰ আৰু কঠালগুৰিৰ দেৱগুণ পাটনায়কে সৰ্বাধিক গ’লদাতাৰ সন্মান অৰ্জন কৰে । আনহাতে হোনোৱালৰ নিকিটেশ ৰাৱে শ্ৰেষ্ঠ উদীয়মান খেলুৱৈৰ বঁটা লাভ কৰে । দীপেন দাসে আঁত ধৰা বঁটা বিতৰণী অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰ লগতে মৰিয়নি ক্ৰীড়া সন্থাৰ সভাপতি তথা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বঁটা সমূহ প্ৰদান কৰে ।