নাৰায়ণপুৰৰ বাসগৃহত কঠোৰ অনুশীলন শ্বুটাৰ হৃদয় হাজৰিকাৰ
নিয়মীয়া বাৰ্তা, ৩০ এপ্রিলঃ লকডাউনৰ সময়ছোৱাত জুনিয়ৰ বিশ্ব চেম্পিয়ন হৃদয় হাজৰিকাই নাৰায়ণপুৰৰ বাসগৃহত কঠোৰ অনুশীলন অব্যাহত ৰাখিছে ৷ পিতৃ ড০ শৰৎ হাজৰিকাৰ একক প্রচেষ্টাত বাসগৃহৰ চৌহদত নির্মিত শ্বুটিং ৰেঞ্জত আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন শ্বুটাৰগৰাকীয়ে হ’ল্ডিং তথা ট্ৰাই অনুশীলনৰ লগতে শাৰীৰিক অনুশীলনো অব্যাহত ৰাখিছে ৷ প্রশিক্ষক আৰু শাৰীৰিক প্রশিক্ষকৰ লগত ভিডিঅ’ কলযোগে পৰামর্শ লৈছে ১০ মিটাৰ এয়াৰ ৰাইফলৰ জুনিয়ৰ বিশ্ব চেম্পিয়ন হৃদয়ে ৷ লকডাউনৰ সময়ছোৱাত প্রতিভাৱান শ্বুটাৰগৰাকীয়ে জার্মানীৰ এক আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাকে ধৰি কেইবাখনো ৰাষ্ট্রীয় প্রতিযোগিতাতো অংশগ্রহণ কৰাৰ কথা আছিল ৷ ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধিৰ বাবে ইতিমধ্যে প্রতিযোগিতাকেইখন স্থগিত ৰখা হৈছে ৷ লকডাউনৰ সময়ছোৱাত ঘৰতে অনুশীলন কৰি নিজকে ফিট ৰখাৰ চেষ্টা কৰিছে যুৱ শ্বুটাৰগৰাকীয়ে ৷ কেইবাবছৰৰ পিছত পৰিয়ালৰ সৈতে দীঘলীয়া সময় অতিবাহিত কৰিছে হৃদয় হাজৰিকাই ৷