নিউজিলেণ্ডৰ ভূমিত আত্মসৰ্মপন ভাৰতৰ
নিয়মীয়া বাৰ্তা ২ মাৰ্চঃ ব্যৰ্থতাই লগ এৰা নাই টিম ইণ্ডিয়াক। এদিনীয়াৰ পিছত এইবাৰ টেষ্টত আত্মসৰ্মপন কৰিলে ভাৰতীয় ক্ৰিকেট দলটোৱে। শনিবাৰৰ পৰা ক্রাইষ্টচার্চত চলি থকা শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টতো পৰাজয় বৰণ কৰিছে বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই৷ খেলৰ চতৰ্থ দিনা ১৩২ ৰাণৰ লক্ষ্য লৈ নিউজিলেণ্ডে ৩ টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। উল্লেখ্য যে দ্বিতীয় ইনিংছ মুকলি কৰিবলৈ আহি ঘৰুৱা দল নিউজিলেণ্ডৰ বলাৰৰ সন্মুখত তিষ্ঠিব নোৱাৰি ভাৰতীয় দলটো ১২৪ ৰাণত অল আউট হয়। মূলত ভাৰতীয় দলটোৰ বেটিং ব্যৰ্থতাৰ বাবে পৰাজয় বৰণ কৰিছে বুলি উল্লেখ কৰিছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীয়ে। মন কৰিব লগীয়া যে এইবাৰ এদিনীয়া তথা টেষ্ট মেচত সম্পূৰ্ণ ৰূপে ব্যৰ্থ বিৰাট কোহলী।