নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্ধাৰিত সময়মতে হ’ব অলিম্পিকঃ থমাছ বাখ

ক’ৰোনাৰ বাবে বছৰটোৰ শেষলৈ সমাৰোহখন স্থগিত ৰখাৰ আহ্বান জাপানৰ অলিম্পিক মন্ত্রীৰ

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ বিশ্বব্যাপী ত্রাসৰ সৃষ্টি কৰিছে ক’ৰোনা ভাইৰাছে৷ এই মহামাৰী ভাইৰাছবিধৰ বাবে এতিয়ালৈকে কেইবাখনো গুৰুত্বপূর্ণ প্রতিযোগিতা বাতিল কৰিবলগীয়া হৈছে৷ দিনকদিনে ক’ৰোনা ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে যদিও বিশ্বৰ সর্ববৃহৎ ক্রীড়া প্রতিযোগিতা অলিম্পিকখন নির্ধাৰিত সূচীমতেই অনুষ্ঠিত হ’ব বুলি মন্তব্য কৰিছে আন্তর্জাতিক অলিম্পিক সমিতিৰ অধ্যক্ষ থমাছ বাখে৷ অহা ২৪ জুলাইৰ পৰা জাপানৰ টকি’ত অনুষ্ঠিত হ’ব বিশ্বৰ সর্ববৃহৎ ক্রীড়া প্রতিযোগিতাখন৷ এই প্রতিযোগিতাখনলৈ মাজতে মাথোঁ কেইটামান মাহ বাকী থকা অৱস্থাত ক’ৰোনা ভাইৰাছক লৈ শংকিত হৈ পৰিছে আয়োজক দেশখনে৷ বর্তমানলৈকে জাপানৰ ২০০গৰাকী ব্যক্তিয়ে ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে আৰু ইয়াৰে চাৰিগৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে৷ ক’ৰোনা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ পিছত টকি’ অলিম্পিকখন নির্ধাৰিত সময়ত আয়োজন কৰা সন্দর্ভত আজি জাপানৰ অলিম্পিক মন্ত্রী চেইক’ হাছিম’ট’ই আন্তর্জাতিক অলিম্পিক কমিটীৰ অধ্যক্ষ থমাছ বাখৰে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ জার্মানীৰ ৬৬ বছৰীয়া অধিবক্তা তথা অলিম্পিকৰ প্রাক্তন ফেন্সিং চেম্পিয়ন থমাছ বাখে নির্ধাৰিত সময়সূচীমতেই টকি’ অলিম্পিকখন অনুষ্ঠিত কৰা হ’ব বুলি মন্তব্য কৰিছে৷ ইফালে, জাপানৰ অলিম্পিক মন্ত্রীগৰাকীয়ে বিশ্ব ক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতাখন বছৰটোৰ শেষলৈ স্থগিত ৰখাৰ বাবে আই অ’ চিক পৰামর্শ আগবঢ়াইছে৷ দেশখনৰ সংসদত আজি চেইক’ হাছিম’ট’ই কয় যে ক’ৰোনা ভাইৰাছৰ প্রতি লক্ষ্য ৰাখিয়েই অলিম্পিকখন বছৰটোৰ শেষলৈ স্থগিত ৰখাৰ প্রয়োজনীয়তা আহি পৰিছে৷ ইফালে, জাপানৰ অলিম্পিক মন্ত্রীগৰাকীৰ এই মন্তব্যৰ পিছত আই অ’ চিৰ অধ্যক্ষগৰাকীয়ে কয় যে এথলীটসকলক সুৰক্ষা দিয়াটোৱেই প্রধান কাম৷ ইয়াৰ বাবে জাপান আৰু চীনৰ চৰকাৰৰ লগতে বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে কাম কৰি থকা হৈছে৷ অলিম্পিকখন বিকল্প স্থানত অনুষ্ঠিত কৰিব নোৱাৰি৷ গতিকে পূর্ব নির্ধাৰিত স্থানতে অনুষ্ঠিত হ’ব বুলি তেওঁ লগতে উল্লেখ কৰে৷

You might also like