নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱবর্ষৰ পিছত ইংলিছ প্রিমিয়াৰ লীগত প্রথমটো জয়ৰ সোৱাদ আর্ছেনালৰ

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ নৱবর্ষৰ পিছত ইংলিছ প্রিমিয়াৰ লীগত প্রথমটো জয়ৰ সোৱাদ লাভ কৰিলে আর্ছেনালে৷ ২ জানুৱাৰীত মানচেষ্টাৰ ইউনাইটেডৰ বিপক্ষে ই পি এলত অন্তিমটো বিজয় সাব্যস্ত কৰা আর্ছেনালে দেওবাৰে নিশা এমিৰেটছ ষ্টেডিয়ামত অনুষ্ঠিত একপক্ষীয় মেচখনত নিউকেছলক ৪–০ গ’লত পৰাস্ত কৰি সম্পূর্ণ পইণ্ট অর্জন কৰিবলৈ সক্ষম হয়৷

মন কৰিবলগীয়া যে মেচখনৰ দ্বিতীয়ার্ধত আর্ছেনালে চাৰিওটা গ’ল স্ক’ৰ কৰে৷ খেলখনৰ প্রথমার্ধত নিউকেছলে আর্ছেনালক চাপত ৰাখিবলৈ সক্ষম হৈছিল যদিও দ্বিতীয়ার্ধত দলটো আর্ছেনালৰ উন্নত প্রদর্শনত দিশহাৰা হৈ পৰে৷ ৫৪ মিনিটত ঔবামেয়াঙে প্রথমটো গ’ল স্ক’ৰ কৰাৰ পিছত ৫৭ মিনিটত নিকোলাছ পেপে ৯০ মিনিটত মেছুট অ’জিল আৰু দ্বিতীয়ার্ধৰ ইনজুৰি সময়ত পৰিৱর্ত খেলুৱৈ আলেকজেণ্ডাৰ লাকাজেটেই আর্ছেনালৰ হৈ গ’ল স্ক’ৰ কৰে৷ এই জয়েৰে আর্ছেনাল পইণ্ট তালিকাৰ দশম স্থানলৈ উন্নীত হয়৷ দলটোৱে এতিয়ালৈকে ২৬খন মেচ খেলি সাতখনত জয়, ছখনত পৰাজয় আৰু ১৩খন ড্র খেলি ৩৪ পইণ্টেৰে দশম স্থানটো অধিকাৰ কৰিছে৷

ইফালে, টটেনহাম হটস্পাৰে অহা বর্ষৰ উৱেফা চেম্পিয়নছ লীগত খেলাৰ আশা সজীৱ কৰি তুলিছে৷ দেওবাৰে নিশা ভিল্লা পার্কত অনুষ্ঠিত তীব্র উত্তেজনাপূর্ণ মেচখনত টটেনহামে এষ্টন ভিল্লাক ৩–২ গ’লত পৰাস্ত কৰি সম্পূর্ণ পইণ্ট অর্জন কৰাই নহয়, পঞ্চম স্থানটোও নিজৰ দখলতে ৰাখিবলৈ সক্ষম হয়৷ মেচখনত টটেনহামৰ জয়ৰ মূলতেই আছিল শ্বন হুৱেঙৰ দুটাকৈ দর্শনীয় গ’ল৷ প্রথমার্ধৰ ইনজুৰি সময়ত প্রথমটো গ’ল স্ক’ৰ কৰা শ্বনে দ্বিতীয়ার্ধৰো ইনজুৰি সময়ত বিজয়সূচক গ’লটো স্ক’ৰ কৰে৷

You might also like