নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পি বি এলত আজি নর্থ–ইষ্টার্ন হায়দৰাবাদ

নিয়মীয়া বার্তা, ২৯ জানুৱাৰীঃ নর্থ ইষ্টার্ন ৱাৰিয়র্ছ দলে চলিত পঞ্চম প্রিমিয়াৰ বেডমিণ্টন লীগত আজি প্রাক্তন চেম্পিয়ন হায়দৰাবাদ হাণ্টার্ছৰে মুখামুখি হ’ব৷

উল্লেখ্য যে নর্থ–ইষ্টার্ন দলে পইণ্ট তালিকাৰ চতুর্থ স্থানত থকাৰ বিপৰীতে পি ভি সিন্ধুই নেতৃত্ব দিয়া হায়দৰাবাদে অন্তিম স্থানত আছে৷ নর্থ–ইষ্টার্নে চলিত ছিজনত জয়েৰে অভিযান আৰম্ভ কৰিছিল যদিও দ্বিতীয় মেচত পৰাজয়ৰ সন্মুখীন হয়৷ অৱশ্যে আজিৰ মেচখনক লৈ আত্মবিশ্বাসী উত্তৰ–পূবৰ দলটো৷

ইফালে, পুনে ছেভেন এচেছ দলে প্রতিযোগিতাখনত ক্রমাগত দ্বিতীয়টো বিজয় সাব্যস্ত কৰিছে৷ লক্ষ্ণৌত খেলা মেচখনত দলটোৱে ৪–৩ৰ ব্যৱধানত পৰাস্ত কৰে বাংগালুৰু ৰেপ্ঢর্ছক৷

উল্লেখ্য যে ডিফেণ্ডিং চেম্পিয়ন বাংগালুৰু দলে ছিজনৰ তৃতীয়খন মেচতো জয়ৰ মুখ নেদেখিলে৷

You might also like