পুনৰ ভাৰতীয় দলৰ হৈ খেলাৰ মন উথাপ্পাৰ
নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ পুনৰ ভাৰতীয় ক্ৰিকেট দলটোৰ হৈ খেলাৰ ইচ্ছা ব্যক্ত কৰিছে কৰ্ণাটকৰ বেটছমেন পবীন উথাপ্পাই । ২০১৫ চনৰ পৰা ভাৰতীয় ক্ৰিকেট দনটোৰ পৰা বাহিৰত থকা খেলুৱৈগৰাকীয়ে টি-২০ ক্ৰিকেটত ভাৰতীয় দলটোক পুনৰ প্ৰতিনিধিত্ব কৰিব বিচাৰিছে ।
২০০৭ চনৰ টি-২০ বিশ্বকাপ জয়ী ভাৰতীয় দলটোৰ অন্যতন সদস্য উথাপ্পাই ভাৰতীয় দলটোলৈ প্ৰত্যাৱৰ্তন কৰি ফিনিছাৰৰ ৰূপ লোৱাৰ লক্ষ্য লৈছে ।
এখ সাক্ষাৎকাৰত ক্ৰিকেটাৰগৰাকীয়ে কয় তেওঁৰ কেৰিয়াৰত আৰু এক বিশ্বকাপ খেলিবলৈ বাকী আছে । গতিকে শীঘ্ৰে তেওঁ মূল একাদশলৈ প্ৰত্যাৱৰ্তন কৰিব বিচাৰে আু আগন্তুক টি-২০ বিশ্বকাপত টীম ইণ্ডিয়াৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে ।