নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রত্যাৱর্তন মেচত কোহলিক আউটৰ লক্ষ্য ব’ল্টৰ

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃআঘাতমুক্ত হৈ আন্তঃৰাষ্ট্রীয় ক্রিকেটলৈ প্রত্যাৱর্তনৰ বাবে সাজু হৈছে নিউজিলেণ্ডৰ তাৰকা বেগী বলাৰ ট্রেণ্ট ব’ল্ট৷ ভাৰতৰ বিৰুদ্ধে অহা শুকুৰবাৰৰ পৰা আৰম্ভ হ’বলগীয়া প্রথম টেষ্টত তেওঁ দীর্ঘদিনৰ মূৰত খেলপথাৰলৈ উভতিব৷ ৱেলিংটনত অনুষ্ঠিত হ’বলগীয়া এই প্রত্যাৱর্তন মেচত টীম ইণ্ডিয়াৰ অধিনায়ক তথা বিশ্ব ক্রিকেটৰ অন্যতম শ্রেষ্ঠ বেটছমেন বিৰাট কোহলিক আউট কৰাৰ লক্ষ্য লৈছে বাঁওহতীয়া বেগী বলাৰগৰাকীয়ে৷ উল্লেখ্য যে অষ্ট্রেলিয়াৰ বিৰুদ্ধে বক্সিং ডে’ টেষ্টত সোঁহাতত আঘাতৰ সন্মুখীন হৈ বিগত প্রায় ৬ সপ্তাহ তেওঁ খেলপথাৰৰ পৰা বাহিৰত আছে৷ ভাৰতৰ বিৰুদ্ধে এদিনীয়া আৰু টি–২০ শৃংখলাতো ব’ল্টে খেলিব পৰা নাছিল৷ কিন্তু শেহতীয়াকৈ সুস্থ হৈ নিউজিলেণ্ডৰ টেষ্ট দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে বেগী বলাৰগৰাকী৷ ‘কোহলিৰ দৰে বিশ্বমানৰ বেটছমেনৰ বিৰুদ্ধে বল কৰাটো মোৰ বাবে প্রত্যাহ্বান হ’ব৷ মই এই প্রত্যাহ্বান গ্রহণ কৰিবলৈ সাজু আৰু কোহলিক আউট কৰি নিজকে প্রমাণ কৰিব বিচাৰোঁ৷’ ব’ল্টে এইদৰে কয়৷ মন কৰিবলগীয়া যে নিউজিলেণ্ডে শেহতীয়া টেষ্ট শৃংখলাত অষ্ট্রেলিয়াৰ হাতত ০–৩ত শৃংখলা হৰুৱাইছিল৷ ভাৰতৰ বিৰুদ্ধে এইবাৰো দলটো প্রত্যাহ্বানৰ সন্মুখীন হোৱাটো নিশ্চিত৷

You might also like