নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রস্তুতি মেচত অষ্ট্রেলিয়াক হৰুৱালে টীম ইণ্ডিয়াই

নিয়মীয়া বাৰ্তা, ১৮অক্টোৱৰ: কে এল ৰাহুল আৰু সূর্যকুমাৰ যাদৱৰ বিস্ফোৰক বেটিং, মহম্মদ ছামিৰ স্বপ্ণৰ বলিং স্পেলৰ সহায়ত টি–২০ বিশ্বকাপৰ প্রস্তুতি মেচত অষ্ট্রেলিয়াক ৬ ৰানত পৰাজিত কৰিলে ভাৰতে৷ মহম্মদ ছামিয়ে দীর্ঘদিনৰ পিছত প্রত্যাৱর্তন ঘটাই তিনিটা উইকেট দখল কৰি ভাৰতৰ বিজয়ত মুখ্য ভূমিকা গ্রহণ কৰে৷ টছত জয়লাভ কৰি ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় অষ্ট্রেলিয়ান অধিনায়ক আৰন ফিনছে৷ অ’পেনিং কৰিবলৈ নামি দুর্দান্ত বেটিং কৰে কে এল ৰাহুলে৷ তেওঁ ৩৩টা বলত সংগ্রহ কৰে ৫৭ ৰান৷ আনহাতে সূর্যকুমাৰ যাদৱে আন এক বিস্ফোৰক বেটিঙেৰে ৩৩টা বলত সংগ্রহ কৰে ৫০ ৰান৷ ৰাহুলে ২৭টা বলতে অর্ধশতৰান পূর্ণ কৰে৷ এই দুগৰাকী বেটাৰৰ বাবেই ভাৰতে মেচখনত ১৮৬ ৰান কৰিবলৈ সক্ষম হয়৷ প্রত্যুত্তৰত অধিনায়কোচিত বেটিঙেৰে আৰন ফিনছে ৭৬ ৰান সংগ্রহ কৰি তীব্র প্রত্যাহ্বান সৃষ্টি কৰে৷ ইয়াৰ পূর্বে ১৮টা বলত ৩০ ৰান কৰি বিপজ্জনক হৈ উঠা মিচেল মার্শ্বক বিদায় দিয়ে ভুবনেশ্বৰ কুমাৰে৷ অন্তিম অভাৰত ছামিক বলিং কৰিবলৈ আমন্ত্রণ জনায় ৰোহিত শর্মাই৷ সেই সময়ত বিজয়ৰ বাবে ভাৰতক ১১ ৰানৰ প্রয়োজন হৈছিল৷ কিন্তু সেই অভাৰতে অষ্ট্রেলিয়াৰ তিনিটা উইকেট দখল কৰি ৬ ৰানত ভাৰতক বিজয় উপহাৰ দিয়ে ছামিয়ে৷ প্রথম দুটা বলত ২ ৰানকৈ সংগ্রহ কৰে যদিও পৰৱর্তী চাৰিটা বলত চাৰিটা উইকেটৰ পতন ঘটে অষ্ট্রেলিয়াৰ৷ ফলত ১৮০ ৰানতে থমকি ৰ’বলগীয়া হয় বিশ্বকাপৰ আয়োজক দেশখনৰ ক্রিকেট দলটো৷

You might also like