নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ আই চি চি মহিলা টি–২০ বিশ্বকাপৰ প্রস্তুতি মেচত কষ্টকৰ বিজয় সাব্যস্ত কৰিছে হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে৷ মঙলবাৰে অনুষ্ঠিত মেচখনত ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিপক্ষে ২ ৰানত ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰে৷ মেচখনত ভাৰতীয় দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ১০৮ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি পুনম যাদৱৰ দুর্দান্ত বলিঙৰ সন্মুখত ৱেষ্ট ইণ্ডিজে নির্ধাৰিত ২০ অ’ভাৰত ৭টা উইকেট হেৰুৱাই ১০৫ ৰানহে কৰিবলৈ সক্ষম হয়৷ ৱেষ্ট ইণ্ডিজৰ হৈ লি–আন কিৰবায়ে সর্বাধিক ৪২ ৰান কৰাৰ লগতে এইচ কে মেথিউজে ২৫ ৰানৰ অৱদান আগবঢ়ায়৷ ভাৰতৰ হৈ পুনমে তিনিটা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি শিখা পাণ্ডেৰ অপৰাজিত ২৪, দীপ্তি শর্মাৰ ২১ ৰানৰ সহায়ত ভাৰতে নির্ধাৰিত ২০ অ’ভাৰত ৮টা উইকেট হেৰুৱাই ১০৭ ৰান সংগ্রহ কৰে৷ অ’পেনাৰ শেফালি বার্মাই ১২, মান্ধানাই ৪, অধিনায়িকা হৰমনপ্রীতে ১১, কৃষ্ণমূর্তিয়ে ৫ আৰু ভষ্ট্রাকাৰে ১৩ ৰানৰ অৱদান আগবঢ়ায়৷ উল্লেখ্য যে বৰষুণৰ বাবে ভাৰত–পাকিস্তানৰ প্রথমখন প্রস্তুতি মেচ পৰিত্যক্ত হৈছিল৷