নিয়মীয়া বাৰ্তা ৩০ মাৰ্চঃ সমগ্ৰ বিশ্বজুৰি আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰা মৰাত্মক ক’ৰোনা ভাইৰাছৰ বাবে সম্প্ৰতি ভাৰততো লকডাউন চলি আছে। এই লকডাউনৰ সময়ছোৱাত বিভিন্নজনে বিভিন্ন ধৰণে ঘৰতে সময় অতিবাহিত কৰিছে। ভাৰতীয় ক্ৰিকেট দলৰ বেটছমেন
চেটেশ্বৰ পূজাৰায়ো লকডাউনৰ সময়ছোৱাত ঘৰতে পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিছে। খেলুৱৈগৰাকীয়ে পত্নী আৰু সন্তানৰ সৈতে বিভিন্ন সময় অতিবাহিত কৰাৰ লগতে ঘৰৰ কামতো পত্নীক সহায় কৰিছে। ইপিনে পূজাৰাই লকডাউনৰ সময়ছোৱাত কি ধৰণে ঘৰতে সময় অতিবাহিত কৰিছে তাৰ পৰা অনুপ্ৰেৰণা লোৱাৰ বাবে অনুৰাগীসকলক আহ্বান জনাইছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে। মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ হ্ৰাস তথা পৰিত্ৰাণ পোৱাৰ
উদ্দেশ্যে চৰকাৰে ঘোষণা কৰা ২১ দিনীয়া লকডাউনৰ সময়ছোৱাত দেশৰ সকলো স্তৰৰ নাগৰিককে ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান জনাইছে ক্ৰিকেটাৰ।