নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিফা বিশ্বকাপলৈ যোগ্যতা অর্জন মেক্সিকো, আমেৰিকাৰ

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ মেক্সিকো আৰু আমেৰিকাই কনকাকাফ ৰিজি’নৰ পৰা কাটাৰত হ’বলগীয়া আগন্তুক ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতালৈ যোগ্যতা অর্জন কৰিছে৷ বুধবাৰে নিশা মেক্সিকো চিটীত অনুষ্ঠিত কনকাকাফ কোৱালিফায়িঙৰ অন্তিম ৰাউণ্ডৰ মেচখনত মেক্সিকোই এল ছালভাড’ৰক ২–০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি সম্পূর্ণ পইণ্ট অর্জন কৰাই নহয় ক্রমাগত অষ্টমবাৰৰ বাবে ফিফা বিশ্বকাপত খেলাৰ যোগ্যতা অর্জন কৰে৷ মেচখনত বিজয় সাব্যস্ত কৰি মেক্সিকোই কনকাকাফ ৰিজি’নৰ পইণ্ট তালিকাত ১৪খন মেচৰ পৰা ২৮ পইণ্ট সংগ্রহ কৰি দ্বিতীয় স্থান অধিকাৰ কৰে৷

যোৱানিশাৰ উত্তেজনাপূর্ণ মেচখনৰ ১৭ মিনিটত উৰিয়েল আণ্টুনাই গ’ল স্ক’ৰ কৰি মেক্সিকোক প্রথমটো সফলতা প্রদান কৰাৰ পিছত প্রথমার্ধৰ খেল ২ মিনিট বাকী থকা অৱস্থাত মেক্সিকোই এক পেনাল্টী লাভ কৰে আৰু ৰাউল জিমেনেজে ইয়াক গ’ললৈ কার্যকৰী কৰি দলটোক ২–০ গ’লত গুৰুত্বপূর্ণ অগ্রগতি প্রদান কৰে৷ অৱশ্যে দ্বিতীয়ার্ধত প্রতিপক্ষ দলটোৱে গ’ল দুটা পৰিশোধ কৰাৰ বাবে আপ্রাণ চেষ্টা চলাইছিল যদিও মেক্সিকোৰ ৰক্ষণ বিভাগক ভেদ কৰাত ব্যর্থ হয় আৰু মেচখনত পৰাজয়ৰ গ্লানি সহিবলগীয়া হয়৷

আনহাতে যোৱানিশা ছান জ’ছত অনুষ্ঠিত কনকাকাফ কোৱালিফায়িঙৰ চূড়ান্ত ৰাউণ্ডৰ মেচখনত পৰাস্ত হৈও কাটাৰলৈ যোগ্যতা অর্জন কৰিলে আমেৰিকাই৷ উত্তেজনাপূর্ণ মেচখনত আমেৰিকাই ঘৰুৱা দল ক’ষ্টাৰিকাৰ হাতত ২–০ গ’লত পৰাস্ত হয় যদিও পইণ্ট তালিকাত তৃতীয় স্থান অধিকাৰ কৰি বিশ্বকাপখনত খেলাৰ যোগ্যতা অর্জন কৰে৷ আমেৰিকাই ১৪খন মেচৰ পৰা ২৫ পইণ্ট সংগ্রহ কৰি তৃতীয় স্থানত থাকে৷ যোৱানিশাৰ মেচখনৰ দ্বিতীয়ার্ধত ক’ষ্টাৰিকাই দুয়োটা গ’ল স্ক’ৰ কৰে৷ ৫১ মিনিটত জুৱান পাবলো ভার্গাছ আৰু ৫৯ মিনিটত এন্থনী কনট্রেৰাছে দলটোৰ হৈ গ’ল স্ক’ৰ কৰে৷

You might also like