বন্ধ ষ্টেডিয়ামত হ’ব ১৭ বছৰ অনূর্ধ্ব মহিলা বিশ্বকাপ ফুটবল
নিয়মীয়া বাৰ্তা, ১৪ জুলাইঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে দেশত উদ্ভৱ হোৱা ভয়ানক পৰিস্থিতিৰ বাবেই ১৭ বছৰ অনূর্ধ্ব মহিলা বিশ্বকাপ ফুটবল প্রতিযোগিতাখন বন্ধ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ আজি এই মন্তব্য কৰিছে সর্বভাৰতীয় ফুটবল ফেডাৰেচনৰ সাধাৰণ সম্পাদক কুশল দাসে৷ মন কৰিবলগীয়া যে ক’ৰোনাৰ আতংকৰ বাবে ইতিমধ্যে এবাৰ প্রতিযোগিতাখন স্থগিত ৰাখিবলগীয়া হৈছে আৰু নতুন সূচীমতে প্রতিযোগিতাখন এতিয়া অহা বর্ষৰ ১৭ ফেব্রুৱাৰীৰ পৰা ৭ মার্চলৈ ভাৰতৰ বিভিন্ন স্থানত অনুষ্ঠিত হ’ব৷
সর্বভাৰতীয় ফুটবল ফেডাৰেচনৰ সাধাৰণ সম্পাদক কুশল দাসে এক অনুষ্ঠানত ভাগ লৈ কয় যে ক’ৰোনাৰ বাবে দেশৰ অৱস্থা বর্তমান সঁচাকৈয়ে দুখলগা৷ দেশখনত ক’ৰোনাৰ আতংক কেতিয়া সম্পূর্ণৰূপে নির্মূল হ’ব, সেয়া এতিয়াই কোৱাটো অতি কঠিন৷ কিয়নো, ভাৰতত দিনক দিনে ক’ৰোনাত আক্রান্তৰ সংখ্যা বৃদ্ধি পায়েই আছে৷ ক’ৰোনাৰ বাবে ইতিমধ্যে বিশ্বকাপ ফুটবল প্রতিযোগিতাখনৰ সময়সূচী সালসলনি কৰিবলগীয়া হৈছে৷ জনসাধাৰণৰ জীৱন আৰু স্বাস্থ্যক অগ্রাধিকাৰ দিয়াৰ বাবেই ১৭ বছৰ অনূর্ধ্ব মহিলা বিশ্বকাপ ফুটবল প্রতিযোগিতাখনৰ মেচসমূহ বন্ধ ষ্টেডিয়ামত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছোঁ৷
ইপিনে, প্রতিযোগিতাখনৰ বাবে ঘৰুৱা দলটোৰ অনুশীলন শিবিৰ আগষ্টৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি সর্বভাৰতীয় ফুটবল ফেডাৰেচনৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয় যে মহিলা দলটোৰ অনুশীলন শিবিৰটো ঝাৰখণ্ডৰ মুখ্যমন্ত্রীয়ে আয়োজন কৰাৰ বাবে ইচ্ছা প্রকাশ কৰিছে৷ উল্লেখ্য যে প্রতিযোগিতাখনৰ মেচসমূহ ভাৰতৰ বিভিন্ন স্থানৰ লগতে অসমতো অনুষ্ঠিত হ’ব৷