নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বর্ষাপাৰাৰ ভাৰত–শ্রীলংকাৰ টি–২০লৈ অনিশ্চয়তা

অসমৰ অশান্ত পৰিস্থিতিক লৈ উদ্বিগ্ন বি চি চি আইঃ অসম–ঝাৰখণ্ডৰ ৰঞ্জি মেচ ৰাঁচীলৈ স্থানান্তৰ

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমত সৃষ্টি হোৱা ব্যাপক প্রতিবাদে ৰাজ্যৰ ক্রীড়া ক্ষেত্রখনকো চুই গৈছে ৷ মঙলবাৰৰ পৰা গুৱাহাটীকে ধৰি সমগ্র ৰাজ্যত গঢ়ি উঠা অভূতপূর্ব প্রতিবাদৰ ফলস্বৰূপে ইতিমধ্যে অসম আৰু ছার্ভিচেছৰ মাজত চলি থকা ৰঞ্জি ট্রফী মেচখনৰ চতুর্থ দিনৰ খেল আৰু নগাঁৱত অনুষ্ঠিত হ’বলগীয়া অসম আৰু ওড়িশাৰ কোচবিহাৰ ট্রফীৰ মেচখন সম্পূর্ণৰূপে বাতিল হোৱাৰ পিছত এইবাৰ বর্ষাপাৰাত অহা ৫ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ভাৰত–শ্রীলংকাৰ প্রথম টি–২০ক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে ৷

অসমৰ অশান্তজর্জৰ পৰিস্থিতিত উদ্বিগ্ন হৈ পৰা ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে টি–২০ মেচখনৰ প্রতি লক্ষ্য ৰাখি গুৱাহাটীৰ নিৰাপত্তা ব্যৱস্থা সূক্ষ্মভাৱে পর্যবেক্ষণ কৰি আছে ৷ ব’ৰ্ডৰ এজন জ্যেষ্ঠ বিষয়াই শনিবাৰে বর্ষাপাৰাৰ প্রথম টি–২০ সন্দর্ভত কয় যে মেচলৈ এতিয়াও প্রায় তিনি সপ্তাহ বাকী আছে ৷ গতিকে এই মুহূর্তত ভাৰত–শ্রীলংকাৰ প্রথম টি–২০ মেচখন আন ষ্টেডিয়ামলৈ স্থানান্তৰিত কৰাৰ চিন্তাচর্চা আৰম্ভ হোৱা নাই ৷ অৱশ্যে চূড়ান্ত সিদ্ধান্ত লোৱাৰ পূর্বে অসম ক্রিকেট সন্থাৰ সৈতে ব’র্ডে যুটীয়াভাৱে গুৱাহাটীৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে ৷

গুৱাহাটীৰ পৰিস্থিতি স্বাভাৱিক হোৱালৈ ব’র্ডে অপেক্ষা কৰিছে বুলিও সূত্রটোৱে উল্লেখ কৰে ৷ ইফালে, ৫ জানুৱাৰীত বর্ষাপাৰাত হ’বলগীয়া টি–২০ মেচখনক লৈ সৃষ্টি হোৱা অনিশ্চয়তা সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি অসম ক্রিকেট সন্থাৰ উপ–সভাপতি পৰীক্ষিত দত্তই কয় যে মেচখন গুৱাহাটীত অনুষ্ঠিত হয় নে নহয়, তাক লৈ আমি এতিয়াই মন্তব্য আগবঢ়াব নোৱাৰোঁ ৷ ৰাজ্যৰ গৃহ বিভাগ আৰু আৰক্ষী প্রশাসনে পৰিস্থিতি নিৰীক্ষণ কৰি আছে ৷ চূড়ান্ত সিদ্ধান্তৰ বাবে আমি কিছুদিন অপেক্ষা কৰিব লাগিব ৷ মেচলৈ এতিয়াও প্রায় তিনি সপ্তাহ বাকী আছে আৰু আমি সফলতাৰে মেচখন গুৱাহাটীত আয়োজন কৰিব পাৰিম বুলি আশাবাদী ৷

ইফালে, গুৱাহাটীৰ সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি অহা ১৭ ডিচেম্বৰৰ পৰা বর্ষাপাৰাত অনুষ্ঠিত হ’বলগীয়া অসম–ঝাৰখণ্ডৰ ৰঞ্জি ট্রফী মেচখন ৰাঁচীলৈ স্থানান্তৰিত কৰা হৈছে ৷ অসম ক্রিকেট সন্থাই শনিবাৰে আনুষ্ঠানিকভাৱে এই কথা জানিবলৈ দিয়ে ৷ অসমৰ খেলুৱৈসকল কাইলৈ ৰাঁচী অভিমুখে ৰাওনা হ’ব ৷ মন কৰিবলগীয়া যে নাগৰিকত্ব সংশোধনী আইনৰ প্রতিবাদত গুৱাহাটীত সৃষ্টি হোৱা অশান্ত পৰিৱেশৰ বাবে শুকুৰবাৰে নগাঁৱত অসম আৰু ওড়িশাৰ ১৯ বছৰ অনূর্ধ্ব খেলুৱৈসকল হোটেলতে আবদ্ধ হৈ থাকিবলগীয়া হৈছিল ৷ একেদৰে ৰঞ্জি ট্রফীৰ মেচ খেলিবলৈ গুৱাহাটীলৈ অহা ছার্ভিচেছৰ খেলুৱৈসকলেও দুদিন হোটেলত আবদ্ধ হৈ থকাৰ পিছতহে গন্তব্যস্থানলৈ যাব পাৰে ৷

You might also like