নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশত ভাৰতৰ প্রদর্শন দিনকদিনে উন্নত হৈছেঃ ছাউডি

নিয়মীয়া বার্তা, ২৯ জানুৱাৰীঃ নিউজিলেণ্ডৰ মাটিত চমকপ্রদ প্রদর্শনেৰে উজলি উঠা টীম ইণ্ডিয়াৰ প্রশংসাত পঞ্চমুখ হৈ পৰিছে তাৰকা বেগী বলাৰ টিম ছাউডি৷

বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দলটোৰ প্রদর্শন বিদেশৰ মাটিত দিনকদিনে উন্নত হোৱা বুলি উল্লেখ কৰি নিউজিলেণ্ডৰ তাৰকাগৰাকীয়ে কয় যে টীম ইণ্ডিয়াই শেহতীয়াকৈ প্রকৃতার্থতে সুন্দৰ খেল খেলিছে৷ তেওঁলোক যথেষ্ট শক্তিশালী দল আৰু বিশ্বমানৰ খেলুৱৈৰে দলটো ভৰি আছে৷ ঘৰৰ লগতে বিদেশৰ মাটিতো দলটোৱে দিনকদিনে শক্তিশালী হৈ উঠিছে৷ ভাৰতক পৰাস্ত কৰাটো নিউজিলেণ্ডৰ বাবে অত্যন্ত প্রত্যাহ্বানজনক৷

ছাউডিয়ে লগতে উল্লেখ কৰে যে শৃংখলালৈ প্রত্যাৱর্তন কৰিবলৈ ঘৰুৱা দলটোৱে বেটিঙত প্রদর্শনৰ মান উন্নত কৰিব লাগিব৷

You might also like