বিবাহ বিচ্ছেদৰ পথত ছানিয়া–ছোৱেইবঃ দীর্ঘদিন পৃথকে আছে তাৰকা দম্পতী
নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰ: ভাৰতীয় টেনিছৰ গ্লেমাৰ গার্ল ছানিয়া মির্জা আৰু পাকিস্তানী ক্রিকেটাৰ ছোৱেইব মালিকৰ প্রেম কাহিনীয়ে ১২ বছৰ পূর্বে দুই চিৰন্তন প্রতিদ্বন্দ্বী দেশৰ মাজত আলোড়ন সৃষ্টি কৰিছিল৷ তেওঁলোকৰ প্রেমৰ মাজেদিয়ে দেশ দুখনৰ মাজত গঢ় লৈছিল নতুন সম্পর্কই৷ ২০১০ চনত অসংখ্য মুখৰোচক কাহিনীৰ মাজেৰে বিবাহপাশত আবদ্ধ হৈছিল ছানিয়া আৰু ছোৱেইব৷ বিবাহৰ পূর্বে সৃষ্টি হোৱা বিভিন্ন বিতর্ক আৰু সমালোচনাই দুই তাৰকাৰ প্রেমৰ ওচৰত হাৰ মানিবলৈ বাধ্য হৈছিল৷ ২০১৮ চনত তেওঁলোকৰ মাজলৈ আহিছিল একমাত্র সন্তান ইছহান৷ কিন্তু সুদীর্ঘ ১২ বছৰৰ সম্পর্কত হঠাতে ফাট মেলিছে৷ কিছুদিন ধৰি সামাজিক মাধ্যমত ছানিয়াই দিয়া পোষ্ট প্রত্যক্ষ কৰি অনুৰাগীৰ মনত সংশয়ে বাহ বান্ধিছে৷ কঠিন সময়ৰ প্রত্যাহ্বান গ্রহণ কৰি কিদৰে প্রত্যাৱর্তন কৰিব লাগিব, এই সম্পর্কীয় বার্তা দিছিল ভাৰতীয় টেনিছ তাৰকাগৰাকীয়ে৷ বিশেষকৈ ইছহানৰ জন্মদিনত অনুৰাগীৰ মাজত আৰম্ভ হয় ব্যাপক চর্চা৷ পুত্রৰ জন্মদিন উদযাপনৰ একাধিক ছবি সামাজিক মাধ্যমত পোষ্ট কৰিছে ছোৱেইবে৷ কিন্তু জন্মদিন পালনৰ কোনো ছবি পোষ্ট কৰা নাই ছানিয়াই৷
বিগত কিছুদিনৰ পৰা পৃথকে থাকিবলৈ লৈছে ছানিয়া আৰু ছোৱেইব৷ আনকি পুত্রৰ দায়িত্বও তেওঁলোকে পৃথকভাৱে পালন কৰিবলৈ লৈছে৷ কিছুসময় ছোৱেইবৰ কাষত থাকে ইছহান৷ বাকী সময়খিনি পুত্রৰ যত্ন লয় ছানিয়াই৷ অতি কম দিনৰ ভিতৰতে তেওঁলোকে আইনী পদ্ধতিৰে বিবাহ বিচ্ছেদৰ বাবে আদালতৰ দ্বাৰস্থ হ’ব৷
সংবাদ মাধ্যমৰ খবৰ অনুসৰি অন্য নাৰীৰ প্রতি আকৃষ্ট হৈছে ছোৱেইব৷ এটা টিভি শ্ব’ৰ শ্বুটিং কৰিবলৈ গৈ এই ঘটনাটো সংঘটিত হৈছে৷ সেই বিষয়ে তাৰকা দম্পতীয়ে মুখ নুখুলিলেও এগৰাকী পাকিস্তানী অভিনেত্রীৰ বাবেই বিচ্ছেদ পর্যন্ত আগুৱাইছে তেওঁলোকৰ সম্পর্কৰ তিক্ততা৷ খবৰ অনুসৰি ছোৱেইবৰ সৈতে বিতর্কত জড়িত হৈ পৰিছে দুগৰাকী নাৰী৷ ইয়াৰে এগৰাকী হৈছে অভিনেত্রী আয়েছা ওমৰ৷ ২০২১ চনত এখন আলোচনীৰ বাবে ফটো শ্বুটৰ সময়ত ছোৱেইব আৰু আয়েছাক একেলগে দেখা গৈছিল৷ তাৰ পাছৰ পৰাই অভিনেত্রীগৰাকীৰ সৈতে জড়িত হৈ পৰে পাক ক্রিকেটাৰগৰাকীৰ নাম৷ ফটো শ্বুটৰ ছবিবোৰত দুয়োকে যথেষ্ট ঘনিষ্ঠ অৱস্থাত দেখা গৈছিল৷ আন এগৰাকী অভিনেত্রীৰ সৈতেও জড়িত হৈ পৰিছে ছোৱেইবৰ নাম৷ তেওঁ হৈছে জনপ্রিয় অভিনেত্রী মাহিৰা খান৷ মাহিৰাৰ সৈতে ইনষ্টাগ্রাম লাইভত এবাৰ আড্ডাত বহিছিল ছোৱেইব৷ সেই আড্ডাৰ পৰাই দুয়োৰে প্রেমৰ সম্পর্ক আৰম্ভ হয়৷ ইয়াৰ পাছতেই এই তাৰকা দম্পতীৰ মাজত ভাঙোন আৰম্ভ হৈছে৷
অলপতে ইনষ্টাগ্রাম পোষ্টত ছানিয়াই এটি তাৎপর্যপূর্ণ মন্তব্য কৰিছে৷ তাত তেওঁ লিখিছে – ভগা হূদয় ক’লৈ যায়? ঈশ্বৰৰ সন্ধানত৷ পুত্রক চুম্বন কৰি থকা এখন ছবি পোষ্ট কৰি ছানিয়াই লিখিছে– এই মুহূর্তবোৰে কঠিন সময় পাৰ কৰাই দিয়ে৷ এই পোষ্টতো সংসাৰ ভগাৰ ইংগিত থকা বুলি বহুতে ধাৰণা কৰিছে৷