বিশ্বকাপত পাকিস্তানৰ দর্শকে গালি–গালাজ কৰিছিল ভাৰতীয় ক্রিকেটাৰক
নিয়মীয়া বাৰ্তা, ২৭ জুনঃ বিগত বর্ষৰ আইচিচি এদিনীয়া বিশ্বকাপত পাকিস্তানৰ দর্শকে অশ্রাব্য গালি–গালাজেৰে অতিষ্ঠ কৰিছিল ভাৰতীয় ক্রিকেটাৰক৷ পাকিস্তানৰ বিৰুদ্ধে বিশ্বকাপত অভিষেক ঘটা উদীয়মান অলৰাউণ্ডাৰ বিজয় শংকৰে আজি এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায়৷ টেলিভিছনৰ এক অনুষ্ঠানত তেওঁ কয় যে মানচেষ্টাৰ অ’ল্ড ট্রেফর্ডত যোৱাবছৰ পাকিস্তানৰ বিৰুদ্ধে খেলা গ্রুপৰ মেচখনৰ পূর্বে আৰু মেচৰ সময়ছোৱাত একাংশ পাকিস্তানী দর্শকে ভাৰতীয় ক্রিকেটাৰক গালি–গালাজেৰে অতিষ্ঠ কৰি তুলিছিল৷ ‘মেচৰ এদিন পূর্বে আমি কফী সেৱন কৰিবলৈ ওচৰেৰে ৰেষ্টুৰেণ্ট এখনলৈ গৈছিলোঁ৷ তেতিয়া একাংশ পাকিস্তানী অনুৰাগীয়ে আমাক উদ্দেশ্য কৰি অশ্রাব্য গালি–গালাজ কৰিছিল৷ আনকি মেচৰ সময়তো বাউণ্ডেৰীৰ কাষত ফিল্ডিং কৰি থকা ভাৰতীয় খেলুৱৈসকলক লক্ষ্য কৰি পাকিস্তানৰ দর্শকে গালি–গালাজ কৰা দেখিবলৈ পাইছিলোঁ৷’– বিজয় শংকৰে এইদৰে কয়৷ উল্লেখ্য যে বিশ্বকাপৰ অভিষেক মেচখনত তামিলনাডুৰ অলৰাউণ্ডাৰগৰাকীয়ে অপৰাজিতভাৱে ১৫ ৰান সংগ্রহ কৰাৰ লগতে প্রথমটো বলতে পাকিস্তানৰ অ’পেনাৰ ইমামুল হকৰ উইকেট দখল কৰিছিল৷