নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে নামিব এগৰাকী ভাৰতীয় অধিনায়ক !

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ ২০২৪ৰ টি–২০ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে নামিব পাৰে কেইবছৰমান পূর্বে ভাৰতক বিশ্বকাপ উপহাৰ দিয়া এগৰাকী অধিনায়ক৷ ২০১২ চনত ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপত ভাৰতক নেতৃত্ব দিছিল উন্মুক্ত ছান্দে৷ এতিয়া তেওঁ আমেৰিকা ক্রিকেট দলৰ সদস্য৷ বিশ্বকাপত সেই দলটোৰ হৈ তেওঁ অৱতীর্ণ হোৱাৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে ২০২৪ৰ টি–২০ত বিশ্বকাপ অনুষ্ঠিত হ’ব আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত৷ সেই বিশ্বকাপত আয়োজক দেশ হিচাপে সুযোগ পাব আমেৰিকাই৷ সেই দলৰ হৈয়ে সম্প্রতি খেলি আছে উন্মুক্ত ছান্দে৷ আই পি এলত মুম্বাই ইণ্ডিয়ানছ, ৰাজস্থান ৰয়েলছ আৰু দিল্লী ডেয়াৰডেভিলছৰ হৈ খেলিলেও নিজকে দাঙি ধৰিব পৰা নাছিল ক্রিকেটাৰগৰাকীয়ে৷ ফলত তেওঁ দিল্লী ৰাজ্যিক দলৰ পৰাও বাদ পৰিবলগীয়া হয়৷ ইয়াৰ পিছত উত্তৰাখণ্ডৰ হৈ খেলিব বিচাৰে যদিও ভাৰতীয় ক্রিকেট দলৰ পৰা উপেক্ষিত হৈ ৰয়৷ অনূর্ধ্ব ১৯ বিশ্বকাপৰ ফাইনেলত ১১১ ৰানৰ অপৰাজিত ইনিংছ খেলা উন্মুক্তই ভাৰতীয় ক্রিকেট মানচিত্রৰ পৰা লাহে লাহে হেৰাই যোৱাৰ উপক্রম হয়৷

২০২১ চনত ভাৰতীয় ক্রিকেটৰ পৰা তেওঁ অৱসৰ গ্রহণ কৰে৷ ২৯ বছৰীয়া ক্রিকেটাৰগৰাকী এতিয়া আমেৰিকা দলৰ অন্যতম আকর্ষণ৷ তেওঁৱেই হৈছে বিগ বছ লীগ খেলা প্রথমগৰাকী ভাৰতীয়৷ তেওঁৰ লগতে আমেৰিকা দলত আছে নিউজিলেণ্ডৰ হৈ খেলা ক’ৰি এণ্ডাৰছন আৰু দক্ষিণ আফ্রিকাৰ ৰাষ্টি থেৰন৷ তেওঁলোকক লৈ গঠন কৰা আমেৰিকা ক্রিকেট দলে টি–২০ বিশ্বকাপত চমক সৃষ্টি কৰাৰ সম্ভাৱনা আছে৷

You might also like