বিশ্বকাপৰ ছুপাৰ অভাৰৰ পূর্বে চিগাৰেট সেৱন কৰিছিল বেন ষ্ট’কছে
নিয়মীয়া বাৰ্তা, ১৫ জুলাই: ইংলেণ্ড ক্রিকেট দলটোৰ অলৰাউণ্ডাৰ বেন ষ্ট’কছৰ এক ঘটনা পোহৰলৈ আহিছে৷ বিগত বর্ষৰ আজিৰ দিনটোত ইংলেণ্ডত অনুষ্ঠিত ৫০ অভাৰৰ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাখনৰ নিউজিলেণ্ডৰে খেলা শ্বাসৰুদ্ধকাৰী ফাইনেল মেচখনৰ ছুপাৰ অভাৰৰ পূর্বে চাপত ভুগিছিল বেন ষ্ট’কছে৷ ছুপাৰ অভাৰৰ এই চাপৰ পৰা নিজকে মুক্ত কৰাৰ বাবে চিগাৰেট সেৱন কৰিছিল চেম্পিয়ন ইংলেণ্ড দলটোৰ অলৰাউণ্ডাৰগৰাকীয়ে৷ ‘মর্গানছ মেন ঃ দ্য ইনছাইড ষ্ট’ৰী অৱ ইংলেণ্ডছ ৰাইজ ফ’ম ক্রিকেট ৱর্ল্ড কাপ হুমিলীয়েছন টু গ্ল’ৰী’ নামৰ কিতাপখনৰ জৰিয়তে ষ্ট’কছৰ এই চাঞ্চল্যকৰ ঘটনাটো পোহৰলৈ আহিছে৷
নিক হ’ল্ট আৰু ষ্টিভ জেমছে লিখা কিতাপখনত ষ্ট’কছে ফাইনেল মেচখনৰ ছুপাৰ অভাৰৰ সময়ত কেনে পৰিস্থিতিৰ সন্মুখীন হৈছিল তাৰ সৱিশেষ কথা বর্ণনা কৰিছে৷ বেন ষ্ট’কছে ছুপাৰ অভাৰৰ পূর্বে অধিক চাপত ভুগিছিল৷ লর্ডছত সেইদিনা ২ ঘণ্টা ২৭ মিনিট ধৰি ক্রিজত থাকি ক্লান্ত হৈ পৰিছিল অলৰাউণ্ডাৰগৰাকীয়ে৷ ইয়াৰ পিছতে ষ্ট’কছে ড্রেছিং ৰুমলৈ গৈ গা ধোৱে৷ উক্ত সময়ছোৱাত তেওঁ চাপৰ পৰা মুক্ত হোৱাৰ বাবে চিগাৰেট সেৱন কৰিছিল৷
মন কৰিবলগীয়া যে বিশ্বকাপ বিজয়ী ইংলেণ্ড দলটোৰ জয়ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা ষ্ট’কছে ফাইনেল মেচখনত শ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছিল