বিশ্বকাপ শ্বুটিঙত স্বর্ণ পদক যশস্বিনীৰ
নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ ভাৰতৰ যশস্বিনী সিং ডেশৱালে নতুন দিল্লীত চলি থকা আই এছ এছ এফ বিশ্বকাপৰ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলত স্বর্ণ পদক জয় কৰিবলৈ সক্ষম হৈছে৷ ২৩৮.৮ পইণ্ট অর্জন কৰি শীর্ষস্থানেৰে যশস্বিনীয়ে স্বর্ণ পদকটো জয় কৰে৷
ইফালে, এই শাখাত ভাৰতৰে মানু ভাকেৰে ৰূপৰ পদক জয় কৰে৷ আঠগৰাকী খেলুৱৈয়ে ভাগ লোৱা ফাইনেলত ভাকেৰে ২৩৬.৭ পইণ্টেৰে দ্বিতীয় স্থানটো অধিকাৰ কৰাৰ বিপৰীতে বেলাৰুছৰ ভিক্টোৰিয়া চাইকাই ব্রঞ্জৰ পদক দখল কৰে৷ আনহাতে, পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফলত বিশ্বৰ শীর্ষ বাছনিৰ শ্বুটাৰ দিবাংশ সিং পানৱাৰে ব্রঞ্জৰ পদকহে দখল কৰিবলৈ সক্ষম হয়৷