বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলঃ ষ্টেডিয়ামত ৪ হাজাৰ দর্শকক প্রৱেশৰ অনুমতি
নিয়মীয়া বাৰ্তা ২১ মেঃ ক্রিকেটপ্রেমীৰ বাবে সুখবৰ৷ ভাৰত আৰু নিউজিলেণ্ডৰ মাজত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচখন ষ্টেডিয়ামত বহি ৪ হাজাৰ দর্শকে উপভোগ কৰিব পাৰিব৷ হাম্পশ্বায়াৰ কাউণ্টী ক্লাবৰ অধ্যক্ষ ৰড ব্রানছগ্র’ভে এই কথা সদৰী কৰিছে৷
১৮ জুনৰ পৰা ছাউদাম্পটনত আৰম্ভ হ’বলগীয়া ডব্লিউ টি চিৰ ফাইনেল মেচখনৰ সন্দর্ভত হাম্পশ্বায়াৰ কাউণ্টী ক্লাবটোৰ অধ্যক্ষগৰাকীয়ে কয় যে বর্তমান ব্রিটেইনত ক’ৰোনাৰ ভয়াৱহতা বহুখিনি হ্রাস পাইছে৷ গতিকে ডব্লিউ টি চিৰ ফাইনেল মেচখন উপভোগৰ বাবে ৪ হাজাৰ দর্শকক অনুমতি দিয়া হ’ব৷ অৱশ্যে এই মেচখনৰ ৫০ শতাংশ টিকটহে বিক্রীৰ বাবে বজাৰত মুকলি কৰি দিয়া হ’ব৷