নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত প্রথম ভাৰতীয় পুৰুষঃ শ্রীকান্তৰ ঐতিহাসিক ৰূপ

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ ভাৰতৰ প্রথমগৰাকী পুৰুষ খেলুৱৈ হিচাপে বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত ঐতিহাসিক ৰূপৰ পদক জয় কৰিছে উদীয়মান তাৰকা কিদাম্বি শ্রীকান্তে৷ স্পেইনত অনুষ্ঠিত বিশ্বৰ সবাতোকৈ মর্যাদাপূর্ণ বেডমিণ্টন প্রতিযোগিতাখনৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত আজি ভাৰতীয় শ্বাটলাৰগৰাকীয়ে তীব্র যুঁজ দি ছিংগাপুৰৰ ল’ কিন ইউৰ হাতত পৰাস্ত হয়৷ যোৱানিশা ভাৰতৰে প্রতিদ্বন্দ্বী লক্ষ্য সেনক ছেমিফাইনেলত পৰাস্ত কৰি বিশ্ব বেডমিণ্টন ছেম্পিয়নশ্বিপৰ ফাইনেললৈ উন্নীত হোৱা শ্রীকান্তে ছিংগপুৰৰ প্রতিদ্বন্দ্বীগৰাকীৰ বিৰুদ্ধে তীব্র প্রতিদ্বন্দ্বিতা আগবঢ়াই অৱশেষত ১৫–২১, ২০–২২ৰ ব্যৱধানত হাৰ মানে৷ ৪৩ মিনিটধৰি চলা তীব্র যুঁজৰ অন্তত ভাৰতীয় শ্বাটলাৰগৰাকী পৰাজয়ৰ সন্মুখীন হ’লেও ভাৰতীয় বেডমিণ্টন জগতত শ্রীকান্তে নতুন ইতিহাস সূচনা কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পূর্বে ভাৰতৰ কোনো পুৰুষ শ্বাটলাৰে বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ ফাইনেল খেলৰ সৌভাগ্য অর্জন কৰা নাছিল৷ ১৯৮৩ত কিংবদন্তি বেডমিণ্টন খেলুৱৈ প্রকাশ পাডুকন আৰু ২০১৯ত উদীয়মান তাৰকা বি ছাই প্রণীথে ঐতিহ্যমণ্ডিত প্রতিযোগিতাখনত ব্রঞ্জৰ পদক অর্জন কৰিবলৈ সক্ষম হৈছিল৷ যোৱানিশা ছেমিফাইনেলত পৰাস্ত হৈ ভাৰতৰ লক্ষ্য সেনে মেগা ইভেণ্টখনৰ ব্রঞ্জৰ পদক জয় কৰা দেশৰ তৃতীয়গৰাকী পুৰুষ শ্বাটলাৰ হিচাপে ইতিহাস ৰচে৷

মন কৰিবলগীয়া যে অলিম্পিক পদক বিজয়ী ভাৰতৰ তাৰকা মহিলা শ্বাটলাৰ পি ভি সিন্ধুৱে বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত এতিয়ালৈকে ১টা স্বর্ণ, দুটা ৰূপ আৰু দুটা ব্রঞ্জৰ পদক অর্জন কৰিবলৈ সক্ষম হৈছে৷ ছাইনা নেহৱালে প্রতিযোগিতাখনৰ পৰা দেশলৈ এটা ৰূপ আৰু এটা ব্রঞ্জৰ পদক কঢ়িয়াই আনিছিল৷ মহিলা ডাবলছ যুটি জ্বালা গুট্টা আৰু অশ্বিনী পোনাপ্পাই ২০১১ৰ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত ব্রঞ্জৰ পদক জয় কৰিছিল৷ কিন্তু পুৰুষ ইভেণ্টত শ্রীকান্তে একমাত্র ভাৰতীয় খেলুৱৈ হিচাপে ৰূপৰ পদক জয়েৰে আজি ইতিহাস সৃষ্টি কৰে৷ ইয়াৰ পূর্বে তেওঁ কালি লক্ষ্য সেনক ছেমিফাইনেলত ১৭–২১, ২১–১৪, ২১–১৭ৰ ব্যৱধানত পৰাস্ত কৰি ভাৰতৰ প্রথমগৰাকী পুৰুষ খেলুৱৈ হিচাপে বিশ্ব বেডমিণ্টনৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছিল৷

You might also like