নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰীৰ শতক, পূজাৰাৰ অর্ধশতকেৰে ভাৰতৰ ২৬৩ ৰান

প্রস্তুতি মেচত ব্যর্থ ৰাহানে–মায়ংক–পৃথ্বি গিল

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ নিউজিলেণ্ডৰ বিৰুদ্ধে অহা ২১ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্ট শৃংখলাৰ পূর্বে প্রস্তুতি মেচত সুন্দৰ বেটিঙেৰে উজলি উঠিল উদীয়মান তাৰকা হনুমা বিহাৰী আৰু নির্ভৰযোগ্য বেটছমেন শ্বেটেশ্বৰ পূজাৰা৷ হেমিল্টনৰ ছেডন পার্কত নিউজিলেণ্ড একাদশৰ বিৰুদ্ধে আজিৰে পৰা আৰম্ভ হোৱা তিনিদিনীয়া প্রস্তুতি মেচখনৰ প্রথম দিনা বিহাৰীৰ ১০১ আৰু পূজাৰাৰ ৯৩ ৰানৰ সহায়ত ভাৰতে ২৬৩ ৰানত প্রথম ইনিংছ সামৰে৷ বিহাৰীয়ে ১৮২ বলৰ সন্মুখীন হৈ ১০টা বাউণ্ডেৰী আৰু তিনিটা অভাৰ বাউণ্ডেৰীৰে শতকীয় ইনিংছটো সজায়৷ একেদৰে পূজাৰাই ২১১ বল খেলি ১১টা বাউণ্ডেৰী আৰু এটা ছিক্সাৰ কোবায়৷ অৱশ্যে আজিংক্য ৰাহানে, শুভমন গিল, পৃথ্বি শ্ব, ঋষভ পণ্ট, ঋদ্ধিমান সাহা আৰু মায়ংক আগৰৱাল সম্পূর্ণৰূপে ব্যর্থ হয়৷ অ’পেনাৰ পৃথ্বিয়ে ০, মায়ংকে ১ ৰানত আউট হোৱাৰ পিছত ৪ নম্বৰ স্থানত বেটিঙৰ বাবে অহা শুভমন গিলে প্রথমটো বলতে আউট হয়৷ টেষ্ট বিশেষজ্ঞ ৰাহানেই ৩০টা বলৰ সন্মুখীন হৈ এটা বাউণ্ডেৰীৰ সহায়ত ১৮ ৰান কৰে৷ ঋষভ পণ্টে ৭ আৰু ঋদ্ধিমান সাহাই কোনো ৰান নকৰাকৈ পেভিলিয়নমুখী হয়৷ এটা সময়ত ভাৰতে মাত্র ৩৮ ৰানৰ ভিতৰতে ৪টা উইকেট হেৰুৱাই বিপর্যয়ৰ সন্মুখীন হৈছিল যদিও পূজাৰা আৰু বিহাৰীয়ে পঞ্চম উইকেটত ১৯৫ ৰান যোগ দি ভাৰতক উদ্ধাৰ কৰে৷

You might also like