ব’ৰ্ডে মহিলা আই পি এল অনুষ্ঠিত কৰকঃ মিতালী
নিয়মীয়া বাৰ্তা ২৭ মাৰ্চঃ ২০২১ চনত মহিলা আই পি এল অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট
নিয়ন্ত্ৰণ ব’ৰ্ডক আহ্বান জনাইছে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৰ অধিনায়িকা মিতালী ৰাজে। খেলুৱৈগৰাকীয়ে কয় যে বিগত দুবছৰ ধৰি বি বি চি আয়ে প্ৰদৰ্শনীমূলক মহিলা আই পি এল মেচ
অনুষ্ঠিত কৰি আহিছে। গতিকে ব’ৰ্ডে ২০২১ চনৰ পৰা দেশখনত মহিলা আই পি এল অনুষ্ঠিত কৰা উচিত বুলি মিতালী ৰাজে মন্তব্য কৰে।